DFO Caught Accepting Rs 30,000 Bribe In Golaghat : এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিলৰ সামাজিক বনানীকৰণৰ DFO

নিউজ ডেস্ক,২০জুন : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই(DFO Caught Accepting Rs 30,000 Bribe In Golaghat) ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।
এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিলৰ সামাজিক বনানীকৰণৰ DFO ।
গোলাঘাটত দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ অভিযানত আটক কৰে সামাজিক বনানীকৰণৰ DFO জ্ঞানৰঞ্জন দাসক ।
ঠিকাদাৰৰ পৰা ৩০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰে জ্ঞানৰঞ্জন দাস । DFO গৰাকীক চৰকাৰী বাসগৃহৰ পৰা আটক কৰে।
লগতে পঢ়ক : Wild Mithun Sparks Fear In Golaghat’s Kabarugao : গোলাঘাটৰ কাবৰুগাঁৱত মেঠোনৰ সন্ত্ৰাস