Former Indian pacer David Johnson passes away : ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ডেভিদ জনছনৰ মৃত্যু
নিউজ ডেস্ক,২০জুন : ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ডেভিদ জনছনৰ মৃত্যু। বেংগালুৰুস্থিত নিজৰ বাসগৃহৰ চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যু ৫৩ বছৰ বয়সীয়া ডেভিদ জনছনৰ।
কৰ্ণাটক ৰাজ্য ক্ৰিকেট সন্থা (কেএছচিএ)ৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত তথ্য অনুসৰি ডেভিদৰ বেলকনীৰ পৰা পৰে । ইয়াৰ পিছত তেওঁক সমীপৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। হাস্পতালত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে(Former Indian pacer David Johnson passes away)।
ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে।
উল্লেখ্য যে, এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে ভাৰতীয় দলৰ বাবে দুখন টেষ্ট মেচ খেলিছিল। অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিল তেওঁ। য’ত তেওঁ তিনিটা উইকেট দখল কৰাৰ লগতে ৮ ৰান কৰিছিল। তাৰোপৰি জনছনে প্ৰথম শ্ৰেণীৰ ৩৯খন মেচ খেলিছিল। য’ত তেওঁ ১২৫টা উইকেট দখল কৰিছিল। ১৯৯৬ চনত জৱাগল শ্ৰীনাথৰ স্থানত ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছিল।
ডেভিদৰ মৃত্যুত বিবিচিআইৰ সচিব জয় শ্বাহে দুখ প্ৰকাশ কৰে আৰু ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখে, ‘‘আমাৰ প্ৰাক্তন ভাৰতীয় বলাৰ ডেভিদ জনছনৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে। খেলত ডেভিদৰ অৱদান সদায় স্মৰণ কৰা হ’।’’ আনহাতে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেই নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘‘ক্ৰিকেটৰ মোৰ বন্ধু ডেভিদ জনছনৰ নিধনৰ খবৰ শুনি মৰ্মাহত হৈছো। তেওঁৰ পৰিয়াললৈ সমবেদনা।’’