woman dies after ambulance plunges into water: দলঙৰ ৰেলিং ভাঙি পানীত পৰিল এম্বুলেন্স;নিহত মহিলা

নিউজ ডেস্ক,২০ জুন : গোৱালপাৰা জিলাৰ দৰংগিৰিৰ কাচাদলত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দৰংগিৰিৰ কাচাদলত দলঙৰ ৰেলিং ভাঙি পানীত পৰিল এম্বুলেন্স ৷ ফলত থিতাতে মৃত্যু হয় এগৰাকী মহিলা ৷ মৃত মহিলাগৰাকীৰ নাম মনোমতী বসুমতাৰী বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাত আহত হোৱা আন তিনিজন লোকক সংকটজনক অৱস্থাত হাস্পাতলত ভৰ্তি কৰোৱা হয়( woman dies after ambulance plunges into water)।
জানিব পৰা মতে, গোৱালপাৰাত চিকিৎসাধীন হৈ থকা এগৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল চিকিৎসকে৷ ৰোগীক লৈ গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে এম্বুলেন্সখন ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাচাদলত দলঙৰ ৰেলিং ভাঙি পানীত পৰে । ফলত থিতাতে নিহত হয় এগৰাকী মহিলা লগতে আহত হয় কিংকং বসুমতাৰী, মোহন বসুমতাৰী আৰু বাসন্তী ব্ৰহ্ম চৌধুৰী নামৰ লোককেইজন৷
ইফালে, আহতসকলৰ অৱস্থা সংকটজনক অৱস্থাত গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে ৷ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে পথটো ঠেক হোৱা আৰু ঠায়ে ঠায়ে গাঁত সৃষ্টি হোৱাৰ লগতে ৰঙা মাটিসমূহ বৰষুণৰ বাবে মূল পথত অহাত পথছোৱা পিচল হোৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে( woman dies after ambulance plunges into water in goalpara) ৷
লগতে পঢ়ক : Massive Landslide at pathrakuwari pandu : মহানগৰীৰ পাথৰকুঁৱৰী আৰু পাণ্ডুত ভয়ংকৰ ভূমিস্খল