Local, Vocal, Global

29 Dead, Over 70 Hospitalized From Illicit Liquor : সুৰা সেৱন কৰি অকাল মৃত্যু ২৯জনকৈ লোকৰ, চিকিৎসাধীন ৭০জনৰো অধিক লোক

নেশ্যনেল ডেস্ক,২০জুন : অবৈধ সুৰা সেৱন কৰি অকাল মৃত্যু ২৯জনকৈ লোকৰ লগতে ভালেসংখ্যক লোক হাস্পতালত ভৰ্তি।

তামিলনাডুৰ কল্লাকুৰিচী জিলাত সংঘটি হৈছে এক চাঞ্চল্যকৰ ঘটনা । বুধবাৰে তামিলনাডুত বিষাক্ত সুৰা পান কৰি ২৯জন লোকে অকাল মৃত্যুক আকোৱালি লয়। বৰ্তমান চিকিৎসাধীন হৈ আছে ৭০জনৰো অধিক লোক । মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে( 29 Dead, Over 70 Hospitalized From Illicit Liquor)।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, বুধবাৰে নিশা কল্লাকুৰিচী আৰু কাষৰীয়া অঞ্চলৰ এই লোকসকলে পান কৰিছিল সুৰা। ঘৰলৈ ওভতাৰ পিছতে সুৰাপান কৰা অধিকাংশ লোকেই মূৰ ঘূৰণি, মূৰৰ বিষ, বমি, পেটৰ বিষ আদিত আক্ৰান্ত হয়। লগে লগে পৰিয়ালৰ লোকে তেওঁলোকক চহৰখনৰ ব্যক্তিগত আৰু কল্লাকুৰিচী চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায়, য’ত ১০জন লোকৰ মৃত্যু হয়( At least 29 dead, Several Hospitalised after Consuming Illicit Liquor)।

স্বাস্থ্য আরু পৰিয়াল কল্যাণ বিভাগে ভিল্লুপুৰম, ছালেম আৰু তিৰুৱন্নামলাইৰ চৰকাৰী মেডিকেল কলেজ আৰু হাস্পতালৰ পৰা মেডিকেল টীম প্ৰেৰণ কৰে কল্লাকুৰিচীলৈ। জিপমেৰত ভৰ্তি হোৱা ১৮জন লোকৰ ভিতৰত তিনিজনৰ মৃত্যু হয়। ছালেম জিএমচিএইচত তিনিজন আৰু ভিল্লুপুৰম জিএমচিএইচত এজন লোকৰ মৃত্যু হয়।

ইফালে চিকিৎসাধীন হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে মন্ত্ৰী ই ভি ভেলুসহ এছ সুব্ৰমণিয়ামক হাস্পতাললৈ যাবলৈ নিৰ্দেশ দিছে। লগতে ঘটনাৰ উচিত তদন্তৰ বাবে আৰক্ষী-প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে।

ইতিমধ্যে উক্ত ঘটনাৰ অভিযোগত ৪জন লোকক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীৰ জিন্মাত থকা লোক কেইজনৰ পৰা অধিক তথ্যৰ বাবে সোধা-পোচা কৰাৰ কথাও এক সূত্ৰত প্ৰকাশ।

লগতে পঢ়ক : Assam Rifles Recovers Huge cache of Arms : মণিপুৰত সেনা, আৰক্ষীৰ অভিযান;অভিযানত বহু অস্ত্ৰ, শস্ত্ৰ, বিদ্ৰোহী সংগঠনৰ নেতা আৰু সদস্য গ্ৰেপ্তাৰ