Sunil Gogoi Murder Case : সুনীল গগৈৰ হত্যাকাণ্ডৰ নতুন মোৰ; জ্বলাই দিয়া মৃতদেহ সুনীল গগৈৰ নোহোৱাৰ সম্ভাৱনা
নিউজ ডেস্ক,১৬জুন : সুনীল গগৈৰ হত্যাকাণ্ডৰ নতুন মোৰ। জ্বলাই দিয়া মৃতদেহ সুনীল গগৈৰ নোহোৱাৰ সম্ভাৱনা । জ্বলাই দিয়া মৃতদেহটো মিস্ত্ৰী জাহাংগীৰৰ হোৱাৰ সম্ভাৱনা ।
উল্লেখ্য যে, ১ জুনৰ নিশা ঢকুৱাখনাৰ নাহৰণিচুকৰ চোমনিত উদ্ধাৰ হোৱা মুণ্ডহীন মৃতদেহটো সুনীল গগৈৰ হয় নে নহয় সেই বিষয়েও এতিয়ালৈ নিশ্চিত হ’ব পৰা নাই আৰক্ষী। আনহাতে, ঘটনা সংঘটিত হোৱা দিনৰ পৰা ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইন নিৰুদ্দেশ হৈ থকা ঘটনাই দুগুণে ৰহস্যঘন কৰি তুলিছে সুনীল গগৈৰ হত্যাকাণ্ডৰ।
৩১ মে’ ৰ পৰা নিৰুদ্দেশ হৈ আছে মিস্ত্ৰী জাহাংগীৰ । জাহাংগীৰ নিৰুদ্দেশ হোৱাৰ এসপ্তাহ পিছতে ভাতৃয়ে থানাত এজাহাৰ দাখিল কৰিছিল । জাহাংগীৰ হুছেইনৰ নিৰুদ্দেশকলৈ এতিয়া সৃষ্টি হৈছে ৰহস্য। জাহাংগীৰৰ ভাতৃৰ তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰিছিল ফৰেনছিকলৈ(Sunil Gogoi Murder Case) ।
জানিব পৰা মতে, জলন্ত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহৰ কাষত পৰি থকা বেল্টডাল জাহাংগীৰৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। জাহাংগীৰৰ বেল্টৰ লগতে জ্বলা জুইত জাপি দিয়া ছিন্ন ভিন্ন মৃতদেহৰ কাষত উদ্ধাৰ হৈছিল সুনীল গগৈৰ টি চাৰ্ট, চেণ্ডেল আৰু জ্বলি থকা এটা টৰ্চ। তদন্তকালত পোহৰলৈ অহা ন ন তথ্যই বিভ্ৰান্ত কৰিছে আৰক্ষীক।
হায়দৰাবাদৰ পৰা ফৰেনছিক প্ৰতিবেদন অহাৰ পাছতহে মৃতদেহটো সুনীল গগৈৰ হয় নে নহয় সেই সম্পৰ্কে নিশ্চিত হ’ব আৰক্ষী।