Drinking water crisis : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি

বিশ্বনাথ,১৫জুন : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি । এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ বিহালীৰ ৰাইজৰ মাজত(Drinking Water Issue)।
স্বাধীনতা লাভৰ ৭৬ টা বছৰ অতিক্ৰম কৰাৰ পাছত যিসময়ত দেশত অমৃত কালৰ কথা কোৱা হৈছে, ৰাজ্য চৰকাৰে বিকশিত অসমৰ কথা কৈ ঢাক-ঢোল বজাইছে, উন্নয়নৰ অশ্বমেধ যাত্ৰাত ৰাজ্যত এতিয়া জয় জয় ময় ময় পৰিৱেশ বুলি ক’বলৈ চৰকাৰ বাহাদুৰে কুণ্ঠাবোধ কৰা নাই সেই সময়ত বিহালীত একাংশ গঞাই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।’
যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি জল জীৱন মিচন নামৰ অভিলাষী আঁচনিৰ নামত অসমতো কোটি কোটি টকা ব্যয় কৰি ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ দাবী কৰিছে সেই সময়তো এইদৰে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ বিহালীৰ গাঁৱবাসীৰ মাজত! (Drinking water crisis)।
বিশ্বনাথৰ বিহালীত ধোঁৱা চাঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘৰ নল, হৰ ঘৰ জল শ্ল’গান ৷ দৰাচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ জল জীৱন আঁচনিৰ একাংশ অভিযন্টা, ঠিকাদাৰৰ বাবে সোণৰ কনী পৰা হাঁহলৈ পৰিণত হৈছে ৷
অভিযোগ অনুসৰি, বিহালী সমষ্টিৰ বিশ্বনাথ চাৰিআলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত কেটলা পানী যোগান আঁচনিৰ নিৰ্মাণৰ ১ টা বছৰ পিছতো ৰাইজে প্ৰয়োজন অনুসৰি লাভ কৰা নাই পানী।
উল্লেখ্য যে বিগত ২০২১-২২ চনতে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিহালীৰ কেটেলা চাহ বাগিছাত জল জীৱন প্ৰকল্পটো ২০২৩ চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল, যদিও ৰাইজে আজিকোপতি নিয়মীয়াকৈ লাভ কৰা নাই বিশুদ্ধ খোৱা পানী।
ৰাইজৰ অভিযোগ, মাজে সময়ে পানী লাভ কৰে মাথো ১০ মিনিটৰ বাবে যি নেকি পৰ্যাপ্ত নহয় এটি পৰিয়ালৰ বাবে। এফালে ৰাজ্যত উৎকট গৰম, আনফালে বিশুদ্ধ পানীৰ অভাৱত গঞাই ত্ৰাহি মধুসূদন সোৱৰিব লগা হৈছে । পঞ্চায়ত প্ৰতিনিধিক বহুবাৰ অভিযোগ দিয়াৰ পাছতো কোনোধৰণৰ সুফল লাভ নকৰাৰ অভিযোগ। এইক্ষেত্ৰত জনস্বাস্থ্য বিভাগ, প্ৰশাসন আৰু জনপ্ৰতিনিধিয়ে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় অঞ্চলটোৰ ৰাইজে ।
লগতে পঢ়ক : ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছৰ অঘোষিত প্ৰতিযোগিতা