One Died in wild elephant Attack : জাগীৰোডত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

নিউজ ডেস্ক,১৫জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে ।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(One Deid in wild elephant Attack) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে জাগীৰোডত বন্যহস্তীৰ ত্ৰাসত কম্পিত কৃষক ৰাইজ ।
জাগীৰোডৰ দক্ষিণ ধৰণতুলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । জাগীৰোডত বন্যহস্তীৰ আক্ৰমণত নিহত এজন। নিহত লোকজন ম’হখুলি গাঁৱৰ বেপাৰী টেৰণ বুলি জানিব পৰা গৈছে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ নিজ ঘৰৰ বাৰান্দাতে লোকজনক আক্ৰমণ বন্যহস্তীৰ ।
লগতে পঢ়ক : Cattle thieves held by people in Jamugurihat : জামুগুৰিহাটৰ গটাইমাৰীত আটক গৰুচোৰ