Drinking Water Issue : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি
গেলেকী,১৩জুন : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি । এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ নাজিৰাৰ ৰাইজৰ মাজত(Drinking Water Issue)।
স্বাধীনতা লাভৰ ৭৬ টা বছৰ অতিক্ৰম কৰাৰ পাছত যিসময়ত দেশত অমৃত কালৰ কথা কোৱা হৈছে, ৰাজ্য চৰকাৰে বিকশিত অসমৰ কথা কৈ ঢাক-ঢোল বজাইছে, উন্নয়নৰ অশ্বমেধ যাত্ৰাত ৰাজ্যত এতিয়া জয় জয় ময় ময় পৰিৱেশ বুলি ক’বলৈ চৰকাৰ বাহাদুৰে কুণ্ঠাবোধ কৰা নাই সেই সময়ত নাজিৰাৰ একাংশ গঞাই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।’
যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি জল জীৱন মিচন নামৰ অভিলাষী আঁচনিৰ নামত অসমতো কোটি কোটি টকা ব্যয় কৰি ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ দাবী কৰিছে সেই সময়তো এইদৰে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ নাজিৰাবাসীৰ গাঁওবাসীৰ মাজত! (Drinking water crisis)।
এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ নাজিৰাবাসীৰ । প্ৰায় ৩ মাহ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত নাজিৰাৰ একাংশ পৰিয়াল। ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় ।
নাজিৰাত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত লোকৰ প্ৰতিবাদ। বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বহু লোকে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ। ক্ষোভিত হৈ ঘেৰাও কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়। প্ৰায় তিনি মাহ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত নাজিৰাৰ একাংশ পৰিয়াল।
নাজিৰা পৌৰসভাৰ পৰা পৰিচালিত আৰু নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে নগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰে যদিও মটৰ আৰু টেংকীৰ যন্ত্ৰ সম্যক বিজুতি হোৱাৰ বাবে আজি তিনিমাহ ধৰি যোগান ধৰা নাই খোৱাপানী। যাৰ বাবে নগৰবাসী সৰ্বসাধাৰণ জনগণে ব্যাপক সমস্যাৰ সম্মুখীন হৈ আহিছে। বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত নাজিৰা নগৰৰ একাংশ জনগণে নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদেৰে ক্ষোভ উজাৰে।
সমস্যা সমাধান বিচাৰি জনগণে আবেদন লৈ পৌৰসভা কৰ্তৃপক্ষৰ ওচৰলৈ গলে জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ দায়িত্ব ঠেলা মাৰে। ঠিক সেইদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্তৃপক্ষৰ ওচৰলৈ গলে নাজিৰা পৌৰসভালৈ দায়িত্ব ঠেলে। এতিয়া এই বিভাগৰ ঠেলা হেঁচাৰ বাবে বিপাঙত পৰিছে এই সকল লোক।
লগতে পঢ়ক : তিতাবৰৰ ৰঙাজানত কৃষকৰ হাহাকাৰ ! উন্নত প্ৰজাতিৰ ধানৰ নামত ওলাইছে পতান