Local, Vocal, Global

25kg tumour removed from woman’s stomach : লখিমপুৰত এগৰাকী মহিলা ৰোগীৰ পেটৰ পৰা ওলাল ২৫ কেজি ওজনৰ টিউমাৰ

নিউজ ডেস্ক,১২জুন : লখিমপুৰত এগৰাকী মহিলা ৰোগীৰ পেটৰ পৰা ওলাল ২৫ কেজি ওজনৰ টিউমাৰ । লখিমপুৰ মেডিকেল কলেজত সফল অস্ত্ৰোপচাৰ । লখিমপুৰৰ এগৰাকী মহিলাই যোৱা পাঁচ বছৰ ধৰি পেটত ২৫ কেজি ওজনৰ টিউমাৰ লৈ চিকিৎসালয়ৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰিছিল ।

অৱশেষত মঙলবাৰে লখিমপুৰ মেডিকেল কলেজত চিকিৎসকৰ দলে সফলতাৰে অস্ত্ৰোপচাৰ কৰি মহিলাগৰাকীৰ দেহৰ পৰা ২৫ কেজি ওজনৰ টিউমাৰটো বাহিৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, বিগত ৫/৬ বছৰ ধৰি পেটত এটা প্ৰকাণ্ড টিউমাৰ লৈ চিকিৎসালয়ৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰিছিল লখিমপুৰৰ বিহপুৰীয়াৰ এগৰাকী মহিলাই । ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়েও মহিলাগৰাকীৰ এই জটিল অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ সাহস গোটাব পৰা নাছিল । বিশ্বনাথ চাৰিআলিৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মহিলাগৰাকীক অস্ত্ৰোপচাৰ কক্ষত ভৰাইছিল যদিও কৰাব পৰা নাছিল অস্ত্ৰোপচাৰ । বিগত ৫ বছৰে মৃত্যু যন্ত্ৰণাত ছটফটাই থকা মহিলাগৰাকীক পুনৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ আহে পৰিয়ালে(25kg tumour removed from woman’s stomach ) ।

বহিব নোৱাৰা, খোজ কাঢ়িব নোৱাৰা ৭০ ঊৰ্ধ্বৰ মহিলাগৰাকীক লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকে পুনৰ অসম মেডিকেল কলেজলৈ পঠিয়ায় যদিও তাতো এনে জটিল অস্ত্ৰোপচাৰ সম্ভৱ নহয় বুলি ঘূৰাই পঠিয়ায় । যাৰ বাবে পুনৰ মহিলাগৰাকীক লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ আহে পৰিয়ালে । চিকিৎসকক অনুৰোধ কৰাত এই জটিল অস্ত্ৰোপ্ৰচাৰৰ বাবে লখিমপুৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষ, জিলা স্বাস্থ্য বিভাগে অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰে ।

লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মিলন কুমাৰ টায়েৰ নেতৃত্বত সহকাৰী অধ্যাপক ডাঃ ত্ৰিনয়ন মিলি, সহযোগী অধ্যাপক সিদ্ধাৰ্থ কোঁৱৰ, এনাস্থেচিয়া বিভাগৰ সহকাৰী অধ্যাপক ডাঃ গীতু দাসকে ধৰি এটি চিকিৎসকৰ দলে মঙলবাৰে মহিলাগৰাকীৰ সফল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰে । মহিলাগৰাকীৰ পেটৰ পৰা ওলাই আহে ২৫ কিঃগ্ৰাঃ ওজনৰ বৃহদাকাৰ টিউমাৰটো ।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : বোকাজানত জব্দ ৬কোটি টকাৰ য়াবা টেবলেট