Local, Vocal, Global

Wife Killed Her Husband : স্বামীক ঘপিয়াই হত্যা; নিজগৃহতে চিপ লৈ আত্মাহত্যা পত্নীৰ

নিউজ ডেস্ক ,১২জুন : ৰাজ্যত সংঘটিত হৈছে বুকু কঁপি উঠা এক নৃশংস ঘটনা । এইবাৰ পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ।

চৰাইদেউ জিলাৰ উদয়পুৰত চাঞ্চল্যকৰ ঘটনা। স্বামীক নৃশংসভাৱে হত্যা কৰি নিজেও মৃত্যুক আঁকোৱালি ল’লে পত্নীয়ে। স্বামীক ঘপিয়াই হত্যা কৰি চূড়ান্ত সিদ্ধান্ত বাচি লয় পত্নীয়ে।

চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। এগৰাকী পত্নীয়ে স্বামীক নৃশংসভাৱে হত্যা কৰি পৰৱৰ্তী সময়ত নিজেও মৃত্যুক আঁকোৱালি লয়। নিজ গৃহতে চিপ লৈ আত্মাহত্যা কৰে দুৰ্গেশ্বৰী ঘাটোৱাৰ (৫২) নামৰ মহিলাগৰাকী(Wife Killed Her Husband) ।

জানিব পৰা মতে, দুৰ্গেশ্বৰী ঘাটোৱাৰ নামৰ মহিলা গৰাকীক স্থানীয় ৰাইজে নিজগৃহতে চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে মৃত মহিলাগৰাকীৰ স্বামী ঝৰীয়া সিং ঘাটোৱাৰ (৬৫)ক ঘৰৰ ভিতৰত বিচনাৰ ওপৰতে লোকজনৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

লগে লগে ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে স্থানীয় মথুৰাপুৰ আৰক্ষীৰ লগতে দণ্ডাধীশ ঘটনাস্থলীত উপস্থিতি হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে(Sensational Incident)।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই ঘটনা সংঘটিত হ’ব পাৰে বুলি সন্দেহ কৰিছে স্থানীয় লোকে।

লগতে পঢ়ক : Unidentified Body Found in Chirang : চম্পাৱতী নৈৰ ৰেল দলঙৰ তলত উদ্ধাৰ অচিনাক্ত পুৰুষৰ মৃতদেহ ;মৃতদেহৰ ওচৰত উদ্ধাৰ চেণ্ডেল আৰু গামোছা