NDA govt to hold its first cabinet meeting today : আজি বিয়লি অনুষ্ঠিত হ’ব মোদী মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক

নেশ্যনেল ডেস্ক, ১০জুন : সোমবাৰে বিয়লি অনুষ্ঠিত হ’ব মোদী মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক(Modi 3.0 officially begins, first Cabinet meeting today)।
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত বিয়লি ৫ বজাত অনুষ্ঠিত হ’ব এই বৈঠক। এই বৈঠক এনডিএৰ মন্ত্ৰীসভাৰ সকলো সদস্যক লৈ বহিব প্ৰধানমন্ত্ৰীৰ আবাসত।
উল্লেখ্য যে, দেওবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন মন্ত্ৰীসভাক শপত বাক্য পাঠ কৰোৱায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। মন্ত্ৰীসভাৰ ৭১গৰাকী মন্ত্ৰীয়ে দেওবাৰে শপত ল’লেও তেওঁলোকৰ মাজত দপ্তৰ বিতৰণ কৰা হোৱা নাই। কোনে কি মন্ত্ৰণালয় লাভ কৰিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সম্ভৱতঃ আজিৰ বৈঠকত সেই সিদ্ধান্ত চূড়ান্ত কৰা হ’ব। শপত গ্ৰহণৰ পিছতে সকলোকে লৈ বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী( NDA govt to hold its first cabinet meeting today)।
লগতে পঢ়ক : EC announces bypolls in 13 assembly seats across 7 states on July 10 : দেশত উপ-নিৰ্বাচনৰ দিন ঘোষণা ;দেশৰ ৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নির্বাচন