Local, Vocal, Global

EC announces bypolls in 13 assembly seats across 7 states on July 10 : দেশত উপ-নিৰ্বাচনৰ দিন ঘোষণা ;দেশৰ ৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নির্বাচন

নিউজ ডেস্ক,১০জুন : দেশত উপ-নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ। দেশৰ ৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নির্বাচন। ১০ জুলাইত হ’ব ৭ খন ৰাজ্যৰ ১৩টা বিধানসভাৰ উপ-নিৰ্বাচন।

১৩টা বিধানসভা সমষ্টিৰ ভিতৰত পশ্চিমবংগৰ ৪টা, হিমাচল প্ৰদেশৰ ৩টা, উত্তৰাখণ্ডৰ দুটা আৰু বিহাৰ, তামিলনাড়ু, মধ্যপ্রদেশ, পঞ্জাবৰ এটাকৈ সমষ্টি আছে(Bypolls in 13 assembly seats across 7 states on July 10, announces Election Commission)।

নির্বাচন আয়োগে জনোৱা মতে এই বিধানসভা সমষ্টিকেইটাৰ অহা ১০ জুলাইত ভোটগ্রহণ অনুষ্ঠিত হ’ব আৰু ১৩ জুলাইত ভোটগণনা কৰা হ’ব।

জানিব পৰা মতে, ২১জুনৰ ভিতৰত নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে দাখিল কৰিব লাগিব তেওঁলোকৰ মনোনয়ন পত্ৰ। আনহাতে মনোনয়ন পত্ৰসমূহ নিৰীক্ষণ কৰা হ’ব ২৪জুনত। প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ সময় সীমা ২৬জুনলৈকে(EC announces bypolls in 13 assembly seats across 7 states on July 10)।

লগতে পঢ়ক : Suresh Gopi wants to quit Union ministry hours after oath : কালি শপত লৈ আজি মন্ত্ৰীপদ এৰিব বিচাৰিছে বিজেপি সাংসদ সুৰেশ গোপীয়ে