Suresh Gopi wants to quit Union ministry hours after oath : কালি শপত লৈ আজি মন্ত্ৰীপদ এৰিব বিচাৰিছে বিজেপি সাংসদ সুৰেশ গোপীয়ে

নিউজ ডেস্ক, ১০জুন : কালি শপত লৈ আজি মন্ত্ৰীপদ এৰিব বিচাৰিছে বিজেপি সাংসদ সুৰেশ গোপীয়ে । কেৰালাৰ ত্ৰিশূৰ লোকসভা সমষ্টিৰ বিজেপি সাংসদ সুৰেশ গোপীয়ে মোদী চৰকাৰৰ মন্ত্ৰীপদ এৰিব বিচাৰিছে।
সূত্ৰ অনুসৰি, সুৰেশ গোপীয়ে ইতিমধ্যে মন্ত্ৰীপদ এৰিব বিচৰাৰ কথা কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰিছে(Suresh Gopi wants to quit Union ministry hours after oath)।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সুৰেশ গোপীয়ে কয় যে তেওঁ মন্ত্ৰীপদ এৰিব বিচাৰে। ইয়াৰ কাৰণ দৰ্শাই সুৰেশ গোপীৰ মন্তব্য কৰে ‘মই মন্ত্ৰিত্ব বিচৰা নাছিলোঁ, মই বহুকেইখন বোলছবিৰ সৈতে চুক্তিবদ্ধ হৈ থকাৰ বাবে সেইখিনিও সম্পূৰ্ণ কৰিব লাগিব, সেয়েহে মন্ত্ৰী পদ এৰিব খুজিছোঁ’। কেৰালাৰ একমাত্ৰ বিজেপি সাংসদ সুৰেশ গোপীৰ ইচ্ছা সাংসদ হিচাপে কাম কৰাৰ।
লগতে পঢ়ক : Namgharia attacked by miscreants in Sivasagar : বৃদ্ধ নামঘৰীয়াক গুৰুলা-গুৰুলকৈ প্ৰহাৰ উদণ্ড যুৱকৰ