Namgharia attacked by miscreants in Sivasagar : বৃদ্ধ নামঘৰীয়াক গুৰুলা-গুৰুলকৈ প্ৰহাৰ উদণ্ড যুৱকৰ
নিউজ ডেস্ক,১০জুন : বৃদ্ধ নামঘৰীয়াক গুৰুলা-গুৰুলকৈ প্ৰহাৰ উদণ্ড যুৱকৰ ।
শিৱসাগৰ চহৰৰ যমুনা ৰোডত সংঘটিত হৈছে এক অঘটন । দেওবাৰে নিশা যমুনা ৰোডৰ পোনজান চাৰিআলি নামঘৰৰ নামঘৰীয়া হেমচন্দ্ৰ দাসক (৬৫) থানামুখৰ টনি দাস ওৰফে বাগান নামৰ এজন যুৱকে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে(Namgharia attacked by miscreants in Sivasagar)।
অভিযোগ অনুসৰি, নামঘৰত নাম লৈ থকাৰ সময়তে নিচাসক্ত অৱস্থাত উদণ্ড টনি দাস নামৰ যুৱজনে অশ্লীল গালি-গালাজ পাৰি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে। তেনে সময়তে নামঘৰীয়া হেমচন্দ্ৰ দাস বাহিৰলৈ ওলাই আহি তাৰ পৰা টনি দাসক আঁতৰি যাবলৈ কয় আৰু নামৰ ঘৰৰ ওচৰত অশালীন গালি-গালাজ নকৰিবলৈ কয় । তেনে সময়েতে যুৱকজনে নামঘৰীয়াৰ ওপৰত আক্ৰমণ চলায়(Namgharia attacked by miscreants in Sivasagar) ।
ফলত নামঘৰীয়া হেমচন্দ্ৰ দাস মূৰ, হাত, পিঠি আদিত আঘাতপ্ৰাপ্ত হয়। লগে লগে হেমচন্দ্ৰ দাসক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উদণ্ড টনি দাসৰ আক্ৰমণৰ ফলত নামঘৰীয়া হেমচন্দ্ৰ দাসৰ মূৰত দহটা চিলাই পৰা বুলি সদৰি কৰিছে। নামঘৰীয়াজনে দেওবাৰে নিশাই সদৰ থানাত এজাহাৰ দাখিল কৰে।
নামঘৰীয়া হেমচন্দ্ৰ দাসে কয় কয় যে, ‘‘মই নামঘৰত নাম নাম লৈ আছিলো। সেই সময়তে টনি দাসে খুব বেয়া মাত মাতি আছিল, যাৰ বাবে নাম ল’ব বৰা নাছিলো। এই কথা কোৱা বাবে সি মোক খুব বেয়া মাত মাতে। মই আত্মৰক্ষাৰ বাবে ঠেলা এটা মাৰিছো। তাৰ পিছতে সি মোক শিলগুটিৰে প্ৰহাৰ কৰে। মোৰ মূৰত ১০টা চিলাই পৰিছে।’’