Prem Singh Tamang To Take Oath As Sikkim Chief Minister Today : আজি ছিকিমৰ মুখ্যমন্ত্রী হিচাপে শপত ল’ব প্রেম সিং টামাঙে

নিউজ ডেস্ক,১০জুন : আজি ছিকিমৰ নতুন চৰকাৰৰ শপত গ্ৰহণ। সোমবাৰে ছিকিমৰ মুখ্যমন্ত্রী হিচাপে শপত ল’ব প্রেম সিং টামাঙে । ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে শপত ল’ব পি এছ তামাঙে।
সোমবাৰে বিয়লি ৪ বজাত গেংটকৰ পালিজোৰ ষ্টেডিয়ামত শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । ৰাজ্যপাল লক্ষণ প্রসাদ আচার্যই প্রেম সিং টামাং আৰু তেওঁৰ মন্ত্রীসভাৰ সদস্যসকলক পদ আৰু শপতবাক্য পাঠ কৰোৱাব।
জানিব পৰা মতে, শপতগ্ৰহণ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত গেংটক পৌৰ নিগমৰ অধীনৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়, বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্রতিষ্ঠানসমূহ বন্ধ থাকিব। শপতগ্রহণ অনুষ্ঠানৰ বাবে গ্রহণ কৰা নিৰাপত্তামূলক পদক্ষেপ আৰু যান-বাহন চলাচলকৰ ক্ষেত্ৰত আৰোপ নিক্ষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত শৈক্ষিক প্রতিষ্ঠানসমূহ বন্ধ ৰখা হৈছে(Prem Singh Tamang To Take Oath As Sikkim Chief Minister Today)।