Pak-backed Lashkar front claims responsibility for J&K bus terror attack : তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছলৈ লক্ষ্য কৰি নিৰ্বিচাৰ সন্ত্ৰাসবাদীৰ গুলী;নিহত ১০জন,আহত ৩৩জন

নিউজ ডেস্ক ১০জুন : মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ দিনাই জম্মু-কাশ্মীৰত ভয়ংকৰ ঘটনা। তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছলৈ লক্ষ্য কৰি নিৰ্বিচাৰ সন্ত্ৰাসবাদীৰ গুলী। প্ৰায় ২০ মিনিট ধৰি চলা ধাৰাসাৰ গুলীবৰ্ষণৰ পাছতে দ খাৱৈত বাগৰি পৰে বাছ(Pak-backed Lashkar front claims responsibility for J&K bus terror attack)।
জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। চোৰাংচোৱা সংস্থাৰ সূত্ৰ অনুসৰি এই আক্ৰমণ কেইবছৰমান পূৰ্বে অমৰনাথ যাত্ৰাত সংঘটিত হোৱা আক্ৰমণৰ লাইনতে সংঘটিত হৈছে।
সন্ত্ৰাসবাদীৰ এই বৰ্বৰ আক্ৰমণৰ ফলত ১০ জনকৈ তীৰ্থ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৩৩ জন আহত হয়(10 Killed, 33 Injured as Terrorists Open Fire On Pilgrim Bus In J&K)।
প্ৰাপ্ত তথ্য অনুসৰি, পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে এই পৈশাচিক আক্ৰমণ সংঘটিত কৰিছে। কিছুদিন পূৰ্বে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে। আক্ৰমণকাৰীৰ সংখ্যা ৩ৰ পৰা ৪জন হ’ব বুলিও প্ৰাৰম্ভিক পৰ্যায়ত সন্দেহ কৰা হৈছে। প্ৰথমে সন্ত্ৰাসবাদীয়ে ভক্তসকলৰ ওপৰত নিৰ্বিচাৰে গুলী চলাই, তাৰ পিছত ভক্ত কঢ়িয়াই নিয়া বাছখনে ভাৰসাম্য হেৰুৱাই বাগৰি পৰে।
ইফালে এই ভয়ংকৰ ঘটনাৰ সম্পৰ্কে ৰিয়াছিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিতা শৰ্মাই কয় যে ‘৯ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৩৩ জন আহত হৈছে। এই আক্ৰমণে অঞ্চলটোত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা হিংসাত্মক পৰিস্থিতিৰ প্ৰতিফলন ঘটায়। ৰাজৌৰী আৰু পুঞ্চৰ দৰে চুবুৰীয়া অঞ্চলৰ তুলনাত ৰিয়েছি জিলা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ দ্বাৰা তুলনামূলকভাৱে অস্পৃশ্য হৈয়ে আছে।’’
লগতে পঢ়ক : Major success of Majbat police : মাজবাট আৰক্ষীৰ বৃহৎ সফলতা;আৰক্ষীয়ে জব্দ কৰে ৫২১ কেজি ভাং