Road Accident in Kendukona : পালচাৰ বাহনৰ খুন্দাত নিহত মহিলা

নিউজ ডেস্ক, ১০ জুন : শোকাৱহ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা ।
দেওবাৰে নিশা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুকোনাৰ বামুণ গাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দূৰ্ঘটনা। ৰঙিয়া পৰা গুৱাহাটী অভিমুখী AS 01-FA-4058 পালচাৰ বাহনৰ খুন্দাত নিহত মহিলা । নিহত মহিলা গৰাকী ৰাণী বেগম বুলি জানিব পৰা গৈছে (Road Accident in Kendukona)।
ইফালে এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজনক । ইতিমধ্যে আহত বাইক আৰোহীজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় ৰাইজে ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
ঘটনাস্থলীত কমলপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
লগতে পঢ়ক : New Born Baby Found Dead : ভূলুণ্ঠিত মানৱতাঃ বাহিনী নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ