People fascinated by an artist works: এগৰাকী ভাষ্কৰ্য্য শিল্পীৰ সৃষ্টিৰাজিয়ে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ
জামুগুৰিহাট,৯জুন : এগৰাকী ভাষ্কৰ্য্য শিল্পীৰ সৃষ্টিৰাজিয়ে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ । সু নিপুণ শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে কেইবাগৰাকীও বৰেণ্য ব্যক্তিৰ প্ৰতিমূৰ্তি ।
জামুগুৰিহাটৰ সমীপৰ খনামুখ ৰৌমাৰী গাঁৱৰ এগৰাকী সু-নিপুন ভাষ্কৰ্য্য শিল্পীয়ে নিৰ্মন কৰা কাঠৰ সামগ্ৰীসমূহে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ গাঁৱখনৰ অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষক যতীন গগৈয়ে শিক্ষাদানৰ লগত জড়িত থকাৰ মাজতো বিগত প্ৰায় ৪০ বছৰ ধৰি ভাষ্কৰ্য্য শিল্প কলাৰ চৰ্চা অব্যাহত ৰাখি সম্প্ৰতি কাঠেৰে নিৰ্মাণ কৰা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা,জ্যোতিপ্ৰসাদ আগৰৱালা,সুধাকণ্ঠক ড°ভূপেন হাজৰিকা,লাচিত বৰফুকন,মহাদেৱ শিৱ আদিৰ প্ৰতিমূৰ্তি সমুহ প্ৰান পাই উঠিছে শিল্পী গৰাকীৰ হাতৰ পৰশত৷ ইয়াৰ পৰিও ভাষ্কৰ্য্য শিল্পী গৰাকীয়ে মৌৰা চৰাই,ঘৰিয়াল আদিকে ধৰি বিভিন্ন জীৱ জন্তু কাঠেৰেই নিৰ্মন কৰি উলিয়াইছে৷
অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ভাষ্কৰ্য্য শিল্পী যতীন গগৈয়ে ইয়াৰ মাজতে অব্যাহত ৰাখিছে ছবি অঁকা,গান গোৱা আৰু কবিতা লিখাৰ চৰ্চা(People fascinated by an artist works) ৷
২০১৬ বৰ্ষত শিক্ষকতাৰ বৃত্তিৰ পৰা অৱসৰগ্ৰহন কৰা এই গৰাকী ভাষ্কৰ্য্য শিল্পীয়ে বিগত ১৯৮৬ চনৰ পৰাই নিজৰ এই শিল্প সাধনা অব্যাহত ৰাখি বৰ্তমান যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিমুৰ্ত্তি নিৰ্মাণৰ কামত আগবাঢ়িছে ৷
যতীন গগৈ নামৰ এই গৰাকী সু-নিপুন ভাষ্কৰ্য্য শিল্পীয়ে জানিবলৈ দিয়া মতে তেখেত বনৌষধি চিকিৎসা ব্যৱস্থাৰ লগত জঢ়িত হৈ ইতিমধ্যে বহু ৰোগীৰ ৰোগ নিৰাময় কৰাত সফল হৈছে ৷
দীৰ্ঘদিন ধৰি শিক্ষা দান,ভাষ্কৰ্য্য শিল্প চৰ্চা,কাব্যচৰ্চা,গীত গোৱাৰ উপৰিও স্বাস্থ্যৰক্ষাৰ লগত জঢ়িত হৈ অহা বহুকেইটা গুণৰ অধিকাৰী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ভাষ্কৰ্য্য শিল্পী যতীন গগৈয়ে জীৱনৰ বিয়লি বেলাত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ সন্মান তথা স্বীকৃতি লাভৰ আশা প্ৰকাশ কৰিছে৷