Local, Vocal, Global

Majuli Boat Accident : ভয়ংকৰ নাও দুৰ্ঘটনা;সন্ধানহীন এজন

নিউজ ডেস্ক,৯জুন : ভয়ংকৰ নাও দুৰ্ঘটনা । সন্ধানহীন এজন ।

নামনি মাজুলীৰ কৰ্দৈগুৰি ব্ৰহ্মপুত্ৰ সুঁতিত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা । ব্ৰহ্মপুত্ৰ সুঁতিৰে গৰু পাৰ কৰিবলৈ যাওঁতে সংঘটিত হয় ভয়ংকৰ নাওঁ দুৰ্ঘটনা( Majuli Boat Accident)।

জানিব পৰা মতে, তিনিজন ব্যক্তিয়ে নাওখনেৰে গৰু সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল । ইয়াৰে দুজনক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে বাতৰি সংগ্রহ কৰা সময়লৈকে আন এজন সন্ধানহীন হৈ আছে ।

সন্ধানহীন হৈ থকা ব্যক্তিজন ৪৩ বছৰীয়া উৎপল শইকীয়া বুলি জানিব পৰা গৈছে । সন্ধানহীন ব্যক্তিজনৰ ঘৰ ভালুকমৰাত । সন্ধানহীন উৎপল শইকীয়াক উদ্ধাৰৰ বাবে ইতিমধ্যে মাজুলী SDRF বাহিনীয়ে চেষ্টা চলাই আছে যদিও বাতৰি সংগ্রহ কৰা সময়লৈকে লোকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।

লগতে পঢ়ক : Teenager boy missing at Burhidihing river : শামুক ধৰিবলৈ গৈ নৈৰ বুকুত সন্ধানহীন কিশোৰ