2 Meghalaya Miners Found Dead From Landslide-Hit Illegal Assam Coal Mine : সম্পূৰ্ণ ১৪ দিনৰ অন্তত উদ্ধাৰ হ’ল লিডুৰ অবৈধ কয়লাখনিত জীৱন্তে সমাধিস্থ হোৱা আন ২ শ্ৰমিকৰ মৃতদেহ

নিউজ ডেস্ক, ৯জুন : সম্পূৰ্ণ ১৪ দিনৰ অন্তত উদ্ধাৰ হ’ল লিডুৰ অবৈধ কয়লাখনিত জীৱন্তে সমাধিস্থ হোৱা আন ২ শ্ৰমিকৰ মৃতদেহ ৷ NDRF আৰু SDRF বাহিনীৰ যৌথ অভিযানত উদ্ধাৰ হ’ল মেঘালয়ৰ জন আৰু ফিনালৰ মৃতদেহ৷ এতিয়াও উদ্ধাৰ হোৱা নাই এজন শ্ৰমিকৰ মৃতদেহ ।
উল্লেখ্য যে, ২৪ মে’ৰ নিশা প্ৰায় ১২ বজাত সংঘটিত হৈছিল এক অঘটন ৷ লিডুৰ টিকক কলিয়ৰীৰ অন্তৰ্গত বৰগোলাই-নামদাঙৰ মাজত থকা টিকক ৱেষ্ট মাইনিঙত অবৈধভাৱে গঢ়ি তোলা এটা আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙত কয়লা খনন কৰিবলৈ গৈছিল চাৰি শ্ৰমিক । ইয়াৰে তিনিজনে ভিতৰত কয়লা খনন কৰি আছিল আৰু এজনে বাহিৰত থাকি সৰবৰাহ কৰি আছিল(2 Meghalaya Miners Found Dead From Landslide-Hit Illegal Assam Coal Mine)।
তেনে সময়তে ভূমিস্খলন হৈ মাইনিঙৰ পথটো বন্ধ হৈ পৰে । ফলত তাতে তিনিজন শ্ৰমিক আৱদ্ধ হৈ মৃত্যু মুখত পৰা বুলি আশংকা কৰা হৈছে ।এজন নেপালৰ ভূজপুৰৰ দাৱা চেৰপা আৰু আন দুজন মেঘালয়ৰ বুলি জানিব পৰা গৈছে । মেঘালয়ৰ দুজনৰ নাম জন আৰু ফিনাল বুলি জানিব পৰা গৈছিল ।
জীৱন্তে তিনিজন শ্ৰমিক আৱদ্ধ হৈ পৰাৰ পিছতে NDRF বাহিনীয়ে লোককেইজনক উদ্ধাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷ অৱশেষত সফল হল NDRF বাহিনীৰ এই অভিযান ৷
আৰু শনিবাৰে নিশা উদ্ধাৰ কৰে দুই শ্ৰমিকৰ মৃতদেহ ।