Local, Vocal, Global

Daily Horoscope for 9th June : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ সম্ভাৱনা আছে । আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। যেতিয়াই আপুনি অৱসৰ সময় পাব নিজৰ ঘনিষ্ঠজনৰ লগত সেই সময় কটাব। আপোনাৰ জীৱন সংগীৰ আব্দাৰ বোৰে আপোনাক আশান্তি প্ৰদান কৰিব পাৰে।

বৃষ ৰাশি : আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ’ব । আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহব কাৰণ ঘৰৰ কোনোবা ডাঙৰ জনে আপোনাক পইচা দিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হব পাৰে।

মিথুন ৰাশি : স্বাস্থ্যৰ অধিক যত্ন লোৱা উচিত। ধনৰ আৱশ্যকতা যিকোনো সময়ত হব পাৰে সেইবাবে আজি যদি জয়ী হব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। নৱজাত শিশুৰ বেয়া স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হব পাৰে । আজি আপোনাৰ জীৱন সংগী আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভাল পোৱা আদিৰে বিষয়টো ভাল হৈ যাব। এই সপ্তাহত পৰিয়ালৰ লগত শ্বপিং কৰিব যোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰি পেলাব পাৰে।

কৰ্কট ৰাশি : চকুৰ বেমাৰীসকল প্ৰদূষত্ত ঠাইত যোৱাৰ পৰা সাৱধান হওক ,কাৰণ ধোৱা আপোনাৰ চকুৰ বাবে হানিকাৰক আৰু সৰু সৰু কণাবোৰে আপোনাৰ চক্কুত অধিক ক্ষতি কৰিব পাৰে, যদি সম্ভৱপৰ হয় তেন্তে সূৰ্যৰ চোকা ৰশ্মিৰ পৰা চকুক বচাই ৰাখক। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। সিহতঁৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ’ব যে আপুনি জীৱনৰ বহুত মুহুৰ্ত হেৰুৱাইছে সময়ৰ গতিত চলিব গৈ। আপোনাৰ জীৱন সংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে । কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে। সময় বিনামূল্য হোৱাৰ লগতে মূল্যৱানো হয়, সেইবাবে নিজৰ আধৰুৱা কাম বোৰ সোনকালে শেষ কৰি আহিবলগীয়া সময়ৰ বাবে নিশ্চিত হৈ যাওক।

সিংহ ৰাশি : আপোনাৰ বেপৰোৱা স্বভাৱৰ বাবে স্বাস্থ্যত অসুবিধা ৰ সৃষ্টি হব পাৰে। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব , যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশ টো প্ৰকাশ কৰিব পাৰে।

কন্যা ৰাশি : যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী। যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থা ৰ উন্নতি হব পাৰে। এনেকুৱা মানুহৰ পৰা দূৰত থাকক যাৰ বেয়া অভ্যাস আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। যদি আজি আপুনি যাত্ৰা অথবা ভ্ৰমণ কৰি আছে তেন্তে নিজৰ বস্তু-বাহানিৰ তদাৰক অথবা অতিৰিক্ত সুৰক্ষাৰ দিয়াৰ আৱশ্যকতা আছে।

তুলা ৰাশি : ভাগ্যৰ ওপৰত ভৰষা কৰি বহি নাথাকিব , আপোনাৰ স্বাস্থ্য আৰু জীৱন ভাল কাৰিবলৈ হ’লে আপুনি নিজে কষ্ট কৰিব লাগিব কাৰণ একো নকৰাকৈ বহি থাকিলে জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন নাহিব। এতিয়া সময় আহি গৈছে যে আপুনি নিজৰ ওজন নিয়ন্ত্ৰণত আনক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মিত ব্য়ায়াম কৰক । আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব।

বৃশ্চিক ৰাশি : আপোনাৰ ইচ্ছা শক্তি উৎসাহিত হব কাৰণ আপুনি বহুত জটিল অৱস্থাৰ পৰা বাহিৰ হ’বলৈ সক্ষম হ’ব। ভাবুক নিৰ্ণয় লোৱাৰ সময়ত নিজৰ যুক্তিসংগতা এৰি নিদিব। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হব , আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে কিন্তু অন্তত আপোনাৰ অনুভৱ হ’ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়।

ধনু ৰাশি : আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আপুনি আপোনাৰ জীৱন সংগীৰ মতামতক অগ্ৰাহ্য কৰিব আৰু এইবাবে আপোনাৰ জীৱন-সংগী ধৈৰ্য হেৰুৱাই পেলাব পাৰে। ব্যক্তিগত বিষয় সমূহ নিয়ন্ত্ৰণত থাকিব। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে।

মকৰ ৰাশি : আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ’ব কাৰণ আপুনি জীৱনটোক সম্পুৰ্ণ ৰূপে জীয়াব । এই ৰাশিৰ লোক সকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ললে ঘুৰাই দিব নিবিচাৰে। আজিৰ প্ৰেমৰ পিনেদি দিন বহুত বিবাদিত থাকিব। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হব কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হব।

কুম্ভ ৰাশি : প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। সম্পত্তিৰ লগত জড়িত লেন দেন সম্পুৰ্ণ হব আৰু লাভান্বিত হব। জীৱন-সংগী জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব ।নিজকে এজন প্ৰকৃত আৰু ভাল মানুহ হিচাপে গঢ় দিয়ক ,যি কষ্ট আৰু জীৱনৰ পৰা শিকি আজি এই পদ লাভ কৰিছে,লগতে এই বাটত আহিব লগা বাধা আৰু সমস্যা সমূহৰ বাবে মন বেয়া নকৰিব।

মীন ৰাশি : ধ্যান কৰিলে শান্তি লাভ কৰিব। বহুত দিনৰ পৰা পৰি থকা বিষয় এটা আৰু নতুনকৈ হোৱা খৰচে আপোনাৰ মন আৰু মগজুত অনবৰতে আৱৰি থাকিব। দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক ,কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক।