Pro-Khalistani leader Amritpal Singh’s parents meet him at Dibrugarh jail : ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত অমৃত পাল সিঙৰ পিতৃ-মাতৃ
ডিব্ৰুগড়,৮জুন : শনিবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত অমৃত পাল সিঙৰ পিতৃ-মাতৃ।
কাৰাগাৰত উপস্থিত হৈ অমৃত পাল সিঙৰ মাতৃ বলৱিন্দৰ কৌৰে কয়, অমৃত পাল সিঙক সাংসদ হিচাপে নিৰ্বাচিত কৰাৰ বাবে মই জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ শীঘ্ৰেই কাৰাগাৰৰ পৰা বাহিৰলৈ আহিব। জনসাধাৰণে বৃহৎ জনাদেশেৰে তেওঁক নিৰ্বাচিত কৰাত চৰকাৰে শীঘ্ৰেই তেওঁক মুকলি কৰিব লাগিব(Pro-Khalistani leader Amritpal Singh’s parents meet him at Dibrugarh jail)।
আনহাতে অমৃত পাল সিঙৰ পিতৃ টাৰ্ছেম সিঙে কয়, মই অমৃত পাল সিঙক বৃহৎ সংখ্যক ভোট দিয়াৰ বাবে পঞ্জাৱৰ জনসাধাৰণক ধন্যবাদ জনাইছো। তেওঁ শীঘ্ৰেই মুকলি হৈ লোকসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিব। তেওঁ পঞ্জাৱক ড্ৰাগছে কঢ়িয়াই অনা বিপদৰ পৰা ৰক্ষা কৰিছে। তেওঁক চৰকাৰে কাৰাগাৰলৈ নিক্ষেপ কৰাত জনসাধাৰণ ক্ৰোধিত হৈ আছে।
উল্লেখ্য যে, এইবাৰ লোকসভা নিৰ্বাচনত অমৃত পাল সিঙে কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দিতা কৰিছিল। পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা অমৃত পালে সিঙক সমষ্টিটোৰ ভোটাৰে বৃহৎ সংখ্যক ভোটত নিৰ্বাচিত কৰিছে।
২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃত পাল সিঙৰ সৈতে বন্দী হৈ আছে আন ৯ গৰাকী খালিষ্টানী পন্থী নেতা। তেওঁলোকক কাৰাগাৰত পৃথকে পৃথকে ৰখা হৈছে। যাৰ মাজত আছে অমৃত পাল সিঙৰ খুড়াকো।
লগতে পঢ়ক : Heroin seized in Mizoram : চুবুৰীয়া ৰাজ্য মিজোৰামত জব্দ ৫৬ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ