Narendra Modi oath-taking ceremony: কাইলৈ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে

নিউজ ডেস্ক,৮জুন : কাইলৈ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত দেওবাৰে সন্ধ্যা ৭বাজি ১৫ মিনিটত ৰাষ্ট্ৰপতি মুৰ্মূৱে পাঠ কৰাব শপত বাক্য।
মোদীৰ শপত গ্ৰহণ তথা মোদীৰ সৈতে কোনে শপত গ্ৰহণ কৰিব তাক লৈ এতিয়া ব্যাপক জল্পনা-কল্পনা চলিছে। বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছতে মোদী মন্ত্ৰীসভাকলৈ স্বাভাৱিকতে বিভিন্ন চৰ্চা চলিছে(Narendra Modi oath-taking ceremony)।
কাৰণ এইবাৰৰ নিৰ্বাচনৰ ফলাফলে NDAৰ সহযোগী দল সমূহক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। বিশেষকৈ ১৬খন আসন লাভ কৰি চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টী আৰু ১২খন আসন লাভ কৰা নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে বিজেপিৰ সৈতে দৰদাম কৰিছে।
ইফালে দেওবাৰে নৰেন্দ্ৰ মোদীৰ সৈতে কোনে কোনে শপত গ্ৰহণ কৰিব তাক লৈ NDA শিবিৰত ইখনৰ পিচত সিখন বৈঠক অনুষ্ঠিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহ আৰু বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই NDA মিত্ৰজোঁটৰ ইজনৰ পিচত সিজন নেতাৰ সৈতে আলোচনাত বহিছে।
মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণৰো সম্ভাৱনা। মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণত সৰ্বানন্দ সোণোৱালেও লাভ কৰিব পাৰে গুৰুত্বপূৰ্ণ দপ্তৰ।
লগতে পঢ়ক : Sensational Incident : ৰাজপথৰ কাষত অবৈধভাৱে বালি ডাম্পাৰ ৰখাই থোৱাক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা