Sensational Incident : ৰাজপথৰ কাষত অবৈধভাৱে বালি ডাম্পাৰ ৰখাই থোৱাক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা

নিউজ ডেস্ক,৮জুন : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Sensational Incident)।
ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Sensational Incident)।
কামপুৰ ৰজাগাঁৱত নিশা ডাম্পাৰক লৈ তীব্ৰ উত্তেজনা ৷ ৰাজপথৰ কাষত অবৈধভাৱে বালি ডাম্পাৰ ৰখাই থোৱাক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা৷
এজন যুৱকক দাৰে আক্ৰমণ বালি মাফিয়াৰ ৷ ফলত গুৰুতৰভাৱে আহত হৈছে যুৱকগৰাকী। ইয়াৰ পিছতে ততাতৈয়াকৈ যুৱকজনক ভৰ্তি কৰে চিকিৎসালয়ত ৷
আহত যুৱক জনৰ নাম সুজিত চন্দ্ৰ ৷ পাছত উত্তজিত ৰাইজে বালি মাফিয়াৰ আড্ডা বহা দোকান ভাঙি লণ্ড ভণ্ড কৰে ৷ ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
দীৰ্ঘ দিন ৰাজপথৰ কাষত বালি ডাম্পাৰসমূহ ৰখাই থোৱাত ৰাইজৰ বহু অসুবিধা হৈ আহিছিল।
লগতে পঢ়ক : Sensational Incident : মমতাময়ীৰ পাশৱিকতা ! নৱজাতকক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ মাতৃৰ বিৰুদ্ধে