Local, Vocal, Global

Drugs peddler arrested along with drugs : লাহৰিজানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰী

নিউজ ডেস্ক,৮জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়(Drugs peddler arrested along with drugs )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ সোমবাৰে ৰাজ্যৰ দুঠাইৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ লাহৰিজানত চলি আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় ।

পুনৰ লাহৰিজানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ ।

শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক ।

জানিব পৰা মতে, লাহৰিজান তহলদাৰী চকীৰ নিয়মীয়া নাকা তালাচীত জব্দ কৰে নিচাযুক্ত সামগ্ৰীখিনি।

আৰক্ষীয়ে জনোৱা অনুসৰি MN-01-AX-1752 নম্বৰৰ বাহনখনত তালাচী চলাই জব্দ কৰে ৮৪৫.৫৭৭ গ্ৰাম হেৰ’ইন।

৭৪ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল হেৰ’ইনখিনি। সৰবাৰাহত অভিযুক্ত মণিপুৰৰ থৌবাল জিলাৰ ফজলুৰ ৰহমান আৰু পূব ইম্ফল জিলাৰ মঃ ৰজক আহমেদক আটক কৰে ।

সম্প্ৰতি দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক : 2 Assam students killed in Nagaland’s Sankki road accident : মৰ্মান্তিক ! বন্ধুৰ সৈতে ফুৰিবলৈ গৈ অকাল মৃত্যুক আঁকোৱালি ল’লে টীয়কৰ ২ মেধাৱী ছাত্ৰই