Son Brutally Killed Father : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ;দাৰে ঘপিয়াই হত্যা পিতৃক
নিউজ ডেস্ক,৬জুন : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ( Son Brutally Killed Father ) । পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে পিতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।
এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল ছিপাঝাৰৰ ।নিজ পিতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন পুত্ৰৰ।
বুধবাৰে ছিপাঝাৰৰ গোৱালঝাৰত পুত্ৰৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় পিতৃ ইন্দ্ৰকান্ত শৰ্মা নামৰ এজন।গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ইন্দ্ৰকান্ত শৰ্মাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকজনৰ।
ঘটনাৰ বিৱৰনী মতে ছিপাঝাৰৰ গোৱালঝাৰৰ শশাংক শৰ্মা (৩৩) নামৰ উদণ্ড যুৱকজনে বুধবাৰে পুৱা ঘৰত চাহ নিদিয়াৰ বাবেই খঙত অগ্নি শৰ্মা হৈ পিতৃ-মাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল।পুত্ৰৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হোৱা দম্পতি ইন্দ্ৰকান্ত শৰ্মা আৰু লতা দেৱীক প্ৰথমে ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছিল। পাছত ইন্দ্ৰকান্ত শৰ্মাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে নিশা তেওঁৰ মৃত্যু হয়।
ইফালে এই জঘন্য ঘটনা সংঘটিত কৰিয়েই যুৱকজনে ছিপাঝাৰ থানাত আত্মসমৰ্পণ কৰে। স্থানীয় লোকৰ ভাষ্য অনুসৰি এই যুৱকজন দিনে-নিশাই মদ, ভাং আদিত আসক্ত হৈ থাকে। নিচাসক্ত হৈয়েই যুৱকজনে এনে জঘন্য ঘটনা সংঘটিত কৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।
লগতে পঢ়ক : Bus-Truck Accident : নৈশ বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ; গুৰুতৰভাৱে আহত ১৩জনকৈ যাত্ৰী