Critical incident in the hospital : কঠীয়া়তলী খণ্ড প্ৰাথমিক চিকিৎসালয়ত সংঘটিত হৈছে এক নাভুত নাশ্ৰুত কাণ্ড

নিউজ ডেস্ক,৬জুন : কঠীয়া়তলী খণ্ড প্ৰাথমিক চিকিৎসালয়ত সংঘটিত হৈছে এক নাভুত নাশ্ৰুত কাণ্ড ৷ চিকিৎসক আৰু নাৰ্চৰ হেমাহিৰ বাবে মৃত্যু নৱজাতক ৷
জানিব পৰা মতে, বুধবাৰে কঠীয়া়তলী খণ্ড প্ৰাথমিক চিকিৎসালয়ত অৰ্পনা পাটৰ বৰদলৈ নামৰ এগৰাকী মহিলাক প্ৰসৱৰ বাবে ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু চিকিৎসক নাৰ্চ মহিলাগৰাকী জটিল প্ৰসৱ দেখিও নগাঁৱলৈ প্ৰেৰণ নকৰি চিকিৎসালয়তে ৰাখি প্ৰসৱ কৰাই যদিও এটা মৃত সন্তান জন্ম হয় ৷
মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ দুই নাৰ্চ আৰু চিকিৎসকৰ হেমাহিৰ বাবেই প্ৰাণ হেৰুৱালে নৱজাতকটিয়ে ৷ আনহাতে মৃত সন্তান প্ৰসৱ কৰাই মহিলাগৰাকীৰ পৰিয়ালৰ পৰা এহেজাৰ টকা লোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে(Critical incident in the hospital) ৷
লগতে পঢ়ক : Drugs peddler arrested along with drugs : ধেমাজিত নিষিদ্ধ ড্ৰাগছসহ আটক আঠজন যুৱকক