Local, Vocal, Global

Lok Sabha Election 2024 Result : কোনে ক’ত লাভ কৰিছে অগ্ৰগতি

আজি দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিন। পুৱা ৮ বজাত আৰম্ভ হ’ব ভোটগণনা। নিৰ্ণয় হ’ব কোনে গঠন কৰিব চৰকাৰ? ভোটগণনাক লৈ দেশজুৰি ব্যাপক জল্পনা কল্পনা।১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ দেশৰ সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন। দেশৰ ৫৪৩ টা সংসদীয় সমষ্টিৰ ফলাফলে নিৰ্ণয় কৰিব অহা পাঁচ বছৰলৈ কোন হ’ব দেশৰ ১৪০ কোটি জনতাৰ ভাগ্য নিয়ন্তা(Lok Sabha Election 2024 Result ) ।

কোকৰাঝাৰ সমষ্টিত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ অগ্ৰগতি

কোকৰাঝাৰ সমষ্টিত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ অগ্ৰগতি। জয়ন্ত বসুমতাৰীৰ ৯৮৮৯৮টা ভোটত অগ্ৰগতি।

তৃতীয় ৰাউণ্ডৰ অন্তত নগাঁও লোকসভাৰ অধীনৰ নগাঁও-বটদ্ৰবা, ৰহা, চামগুৰি, ৰূপহী আৰু ধিং সমষ্টিত কংগ্ৰেছে মুঠ ১০৪৪৭৩টা ভোট লাভ কৰিছে। নগাঁও জিলাৰ ৫টা বিধান সভা সমষ্টিত কংগ্ৰেছ ৩৮৫৫৬ ভোটত অগ্ৰগতি লাভ কৰিছে।

শোণিতপুৰত পুৱা ১১.৩০ বজালৈ হোৱা ভোট গণনা অনুসৰি বিজেপিৰ ৰঞ্জিত দত্তই লাভ কৰিছে ২০৮৭৯২টা ভোট৷ কংগ্ৰেছৰ প্ৰেমলাল গঞ্জুৱে লাভ কৰিছে ১০৪৫৩৯টা ভোট৷ বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ১০৪২৫৩টা ভোটত অগ্ৰগতি লাভ কৰিছে৷

বৰপেটাত ফণীভূষণ চৌধুৰীৰ অগ্ৰগতি । ২৮,৩৫৪টা ভোটত ফণীভূষণ চৌধুৰীৰ অগ্ৰগতি

নগাঁৱত অগ্ৰগতি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ।প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি ১০৬৩২টা ভোটত।

ধুবুৰীত ৰকিবুল হুছেইনৰ বৃহৎ অগ্ৰগতি । ২ লাখ ভোটত অগ্ৰগতি ৰকিবুল হুছেইনৰ

শোণিতপুৰত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বৃহৎ অগ্ৰগতি । ১ লাখৰো অধিক ভোটত অগ্ৰগতি ৰঞ্জিত দত্তৰ

শোণিতপুৰত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বৃহৎ অগ্ৰগতি । ১ লাখৰো অধিক ভোটত অগ্ৰগতি ৰঞ্জিত দত্তৰ

ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ অগ্ৰগতি। ৮৮,০৭৩ টা ভোটৰ ব্যৱধানত অগ্ৰগতি সৰ্বানন্দ সোণোৱালৰ

ষষ্ঠ ৰাউণ্ডত তিতাবৰ আৰু মৰিয়নীত গৌৰৱ গগৈৰ অগ্ৰগতি । তিতাবৰত ৫০২ আৰু মৰিয়নীত ১৩৫৫ টা ভোটত আগবাঢ়ি আছে গৌৰৱ গগৈ