Local, Vocal, Global

Elephant menace in Hojai : হোজাইত বন্যহস্তীৰ সন্ত্ৰাস;হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ ৰাইজ

নিউজ ডেস্ক,৩জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে ।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Hojai) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ হোজাইত অব্যাহত আছে হাতীৰ উপদ্ৰৱ । হোজাই জিলাৰ কাকীত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ সোমবাৰে পুৱা প্ৰায় চাৰি বজাত এটা বনৰীয়া হাতীয়ে ৩ নং কাকী দুহেজাৰ বিঘাৰ বিহাৰীবস্তিত উপদ্ৰৱ চলাই পাঁচজনকৈ লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে । বনৰীয়া হাতীটোৰ আক্ৰমণত নন্দ কিশোৰৰ ৰবিদাস নামৰ লোকজনৰ এটা হাত ভাগি যায় ।

হাতীটোৰ উপদ্ৰৱত ৰবীন্দ্ৰ চৌহান, কেশৱ চৌহান, সুন্দৰ ৰবিদাস আৰু হৰিপ্ৰসাদ চৌহান নামৰ লোককেইজন কথমপি ৰক্ষা পৰে । তদুপৰি এটা কোঠাত শুই থকা মাতৃসহ পাঁচগৰাকী লোকৰ জীৱনো কথমপি ৰক্ষা পৰে বুলি ভুক্তভোগীয়ে জানিবলৈ দিয়ে ৷ তদুপৰি হাতীয়ে ভঁৰাল ভাঙি ধান আদি নষ্ট কৰা বুলিও জানিবলৈ দিছে স্থানীয় লোকে(Elephant menace in Hojai) ৷

ইফালে খবৰ দিয়াৰ পিচতো ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত নোহোৱা অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।

লগতে পঢ়ক : One Student Died In Landslide In Guwahati : মহানগৰীত ভূমিস্খলনত ফলত মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰ