One Student Died In Landslide In Guwahati : মহানগৰীত ভূমিস্খলনত ফলত মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰৰ
নিউজ ডেস্ক,৩জুন : মহানগৰীত ভূমিস্খলনত পুনৰ আন এক শোকাৱহ ঘটনা। ভূমিস্খলনত ফলত মহানগৰীত মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰৰ ।
দেওবাৰে নিশা মহানগৰীত অহা মুষলধাৰ বৰষুণৰ পিছতে মহানগৰীৰ কটাহবাৰী নিজৰাপাৰাত ভয়ংকৰ ভূমিস্খলন। ভয়ংকৰ ভূমিস্খলনত ফলত শোৱাপাটীতে মৃত্যু অষ্ঠম শ্ৰেণীৰ মেধাৱী ছাত্ৰৰ । মৃত্যু হোৱা ছাত্ৰ জনৰ নাম চাহিল হুচেইন বুলি জানিব পৰা গৈছে(One Student Died In Landslide In Guwahati)।
জানিব পৰা মতে, গুৱাহাটীৰ কটন কলেজিয়েটৰ ছাত্ৰ আছিল চাহিল হুছেইন। ৪ মাহ পূৰ্বৰে পৰা বসবাস কৰিছিল কটাহবাৰী নিজৰাপাৰত।
লগতে পঢ়ক : poor conditions of roads : এটা বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে বিলাসীপাৰাৰ ৰাইজক