poor conditions of roads : এটা বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে বিলাসীপাৰাৰ ৰাইজক
বিলাসীপাৰা,৩জুন : উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ ৷ উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত বিলাসীপাৰাৰ একাংশ ৰাইজক । কিয়নো চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে মাৰ্ঘেৰিটাৰ ৰাইজে উদঙালে উন্নয়নৰ প্ৰকৃত ছবিখন(poor conditions of roads) ৷
ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে বিলাসীপাৰাৰ এখন গাঁৱৰ সহস্ৰাধিক ৰাইজক (Poor Road condition in Bilasipara) ৷ এই বিধ্বস্ত পথেৰে বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ ৰাইজৰ ।
বিলাসীপাৰাৰএখন দুৰ্গম গাওঁ এটা জৰাজীৰ্ণ,বিপদসংকুল ৰাস্তাৰে যাত্ৰা কৰে অঞ্চলবাসী ।
বিলাসীপাৰাৰ বাঙালীপাৰাৰ এজাক বৰষুণৰ পাছতে অবৰ্ণনীয় পৰিৱেশৰ সন্মুখীন হ’বলগীয়া হয় অঞ্চলবাসী। বাঙালীপাৰাৰ পৰা ৰাণীগঞ্জ অভিমুখে যোৱা মুল ঘাইপথৰ মাজতে এইদৰে বৰষুণৰ পানী আবদ্ধ হৈ বিৰাট এক জলাশয়ৰ সৃষ্টি হৈছে। যাৰ ফলত কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে দুৰ্ভোগ ভুগিছে অঞ্চলবাসীয়ে(poor conditions of roads)।
বিগত দিনকেইটাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পথছোৱা সম্পূৰ্ণভাৱে বুৰ যোৱাত যমৰ-যাতনা ভূগিব লগা হৈছে পথৰ দুয়োকাষৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ ব্যৱসায়ী সকলে। দোকান সমূহৰ সমুখত পানী আবদ্ধ হৈ থকাৰ বাবে দোকান লৈ নাহে কোনো গ্ৰাহক। ভুক্তভোগী ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে কাষ চাপিছিল স্থানীয় বিধায়কৰ।
কিন্তু স্থানীয় বিধায়ক গৰাকীৰ ফালৰ পৰা কোনো সুদুত্তৰ লাভ নকৰাৰ অভিযোগ। বাৰে বাৰে স্থানীয় ৰাইজে অনুৰোধ কৰাৰ পিছতো গা- নলৰিল বিভাগীয় কৰ্তৃপক্ষৰ।
উল্লেখযোগ্য যে যোৱা দুদিন পূৰ্বেও স্থানীয় বিধায়কক উক্ত পথচোৱা মেৰমাতি কৰি দিয়াৰ বাবে অনুৰোধ জনাইছিল ভুক্তভোগী ৰাইজে, কিন্তু ৰাইজৰ সমস্যা তথা অনুৰোধৰ প্ৰতি কোনো কাণসাৰে নাই স্থানীয় বিধায়ক গৰাকীৰ। উপায়ন্তৰ হৈ স্থানীয় ৰাইজে এইদৰে সাব্যস্ত কৰিলে প্ৰতিবাদ।
এক অভিনৱ পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰি বিভাগীয় কতৃপক্ষৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা বিলাসীপাৰাৰ বাঙালীপাৰাবাসীৰ। মুল ঘাইপথৰ ওপৰত জমা হৈ থকা একআঠু পানীত জাল বাই মাছ ধৰি সাব্যস্ত কৰে অভিনৱ প্রতিবাদ।
বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কে কিমান সোনকালে উক্ত পথচোৱা মেৰমাতি কৰি স্থানীয় ৰাইজক এই চৰম দুৰ্দশাৰ পৰা পৰিত্ৰাণ দিয়াৰ চেষ্টা কৰে সেয়া হৈছে লক্ষ্যনীয় বিষয়।
লগতে পঢ়ক : লিচু ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন নুৰ জালালৰ