Local, Vocal, Global

লিচু ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন নুৰ জালালৰ

চতিয়া,৩জুন : লিচু ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন নুৰ জালালৰ । চতিয়া ইটাখোলাৰ লিচুৱে দখল কৰিছে আন্তৰ্জাতিক বজাৰ ।

চতিয়া ইটাখোলাৰ বিভিন্ন প্ৰান্তত উৎপাদিত বিভিন্ন প্ৰজাতিৰ লিচুৱে এতিয়া দখল কৰিবলৈ সক্ষম হৈছে আন্তৰ্জাতিক বজাৰ ৷ লিচু ব্যৱসায় কৰি এতিয়া স্বাৱলম্বী হোৱাৰ এক নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ইটাখোলাৰ নুৰ জালাল নামৰ যুৱ কৃষক জনে ৷

কৃষক জনে নিজে লিচু খেতি কৰাৰ উপৰি অঞ্চলতোৰ বিভিন্ন এলেকাত উৎপাদিত লিচু ক্ৰয় কৰি দখল কৰিবলৈ সক্ষম হৈছে আন্তৰ্জাতিক বজাৰ ৷ বিভিন্ন প্ৰজাতিৰ লিচু যেনে ইলাচি লিচু , বোম্বাই লিচু , বিলাতী লিচু, দেশী লিচু, পিয়াজী লিচুৰ ব্যৱসায়ৰে স্বাৱলম্বিতাৰ পথ দেখুওৱা যুৱক জনে লিচুৰ ব্যৱসায় কৰিয়েই বছৰত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈ আহিছে ৷

প্ৰতি শ লিচুত ২০ টকাৰ পৰা ২০০ টকা পৰ্যন্ত বিক্ৰী হোৱা এই লিচু অসমৰ বিভিন্ন প্ৰান্তৰ লগত বহি: ৰাজ্যলৈ ও ৰপ্তানি হৈ আহিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ৪ বছৰৰ পাছতো নিৰ্মাণ নহ’ল BJP সভাপতিয়ে আধাৰশিলা স্থাপন কৰা পথ