Local, Vocal, Global

Train Accident in Punjab : চণ্ডিগড়ত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

নেশ্যনেল ডেস্ক,২জুন : চণ্ডিগড়ত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ।দেওবাৰে পুৱা প্ৰায় ৪ মান বজাত শ্ৰী ফতেহগড় চাহিবত দুখনকৈ মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ হয় ।

জানিব পৰা মতে, এখন ৰে’লৰ ইঞ্জিন সম্পূৰ্ণ উলটি গৈ কাষৰ ট্ৰেকেৰে পাৰ হৈ যোৱা এখন যাত্ৰীবাহী ৰে’লত খুন্দা মাৰে । এই দুৰ্ঘটনাত মালবাহী ৰে’লৰ দুগৰাকী লক’ পাইলট আহত হয় । আহত পাইলতজনক পাটিয়ালাৰ ৰজিন্দ্ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়(Train Accident in Punjab) ।

প্ৰাপ্ত খবৰ অনুসৰি কয়লাভৰ্তি এখন ৰে’ল ফ্ৰেইট কৰিডৰৰ নিউ চিৰহিন্দ ষ্টেচনত ৰৈ আছিল । কয়লাভৰ্তি আন এখন ৰে’ল একেটা ট্ৰেকত পিছফালৰ পৰা আহিছিল আৰু ৰৈ থকা ৰে’লখনত খুন্দা মাৰিছিল । ইফালে, কলকাতাৰ পৰা জম্মুলৈ যোৱা বিশেষ গ্ৰীষ্মকালীন ৰে’ল (০৪৬৮১) আম্বালাৰ পৰা লুধিয়ানালৈ গৈ আছিল । যেতিয়া এই ৰে’লখন নিউ চিৰহিন্দ ষ্টেচনৰ ওচৰত উপস্থিত হৈছিল ৰে’লখনৰ গতি লেহেমীয়া আছিল আৰু দুখন মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষৰ পিচত উলটি যোৱা ইঞ্জিনটো যাত্ৰীবাহী ৰে’লখনত খুন্দা মাৰিছিল ।

যাত্ৰীবাহী ৰে’লখনৰ গতি লেহেমীয়া আছিল বাবে লক’ পাইলটে সঠিক সময়ত ৰে’লখন ৰখাইছিল আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিছিল । অৱশ্যে, ৰে’লখন আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় । ইয়াৰ লগতে ৰে’লপথটোও ক্ষতিগ্ৰস্ত হয় । দুৰ্ঘটনাটোৰ পিচতে ৰে’লৰ কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হয় । তেওঁলোকে ইঞ্জিনৰ খিৰিকী ভাঙি ভিতৰত আৱদ্ধ লক’ পাইলটজনক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দুৰ্ঘটনা সন্দৰ্ভত ৰে’ল বিভাগে বিভিন্ন পৰ্যায়ত অনুসন্ধান আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Teenager died of electric shock : বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু কিশোৰৰ