Teenager died of electric shock : বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু কিশোৰৰ
কৰিমগঞ্জ, ২জুন : বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু কিশোৰৰ । ছিঙা বিদ্যুৎ পৰিবাহী তাঁৰ স্পৰ্শ কৰাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।
কৰিমগঞ্জৰ কালিগঞ্জ বশিৰগ্ৰাম গাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। কালিগঞ্জ বশিৰগ্ৰামত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু এগৰাকী কিশোৰৰ। মৃত কিশোৰটি আব্দুল মুনিম’ৰ পুত্ৰ তানবীৰ আলম বুলি জানিব পৰা গৈছে । ছিঙা বিদ্যুৎ পৰিবাহী তাঁৰ স্পৰ্শ কৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো(Teenager died of electric shock)।
ঘটনাৰ পিছতে তানবীৰ আলমক ততাতৈয়াকৈ স্থানীয় চিকিতসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে তানবীৰ’ক। তানবীৰ আলমৰ অকাল মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।
লগতে পঢ়ক : poor conditions of roads : এটা বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে মাৰ্ঘেৰিটাৰ ৰাইজক