Local, Vocal, Global

3 drugs peddlers arrested along with drugs : গোলাঘাটত তিনি কোটি টকাৰ হেৰ’ইনসহ আটক তিনি সৰবৰাহকাৰী

নিউজ ডেস্ক,২জুন : ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰু কাৰ্বি আংলং আৰক্ষীৰ আন এক বৃহৎ সফলতা ।

এক গোপন সুত্ৰৰ পম খেদি গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰু কাৰ্বি আংলং জিলা আৰক্ষীৰ সহযোগত গোলাঘাট জিলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পংকিয়াল দৈগ্ৰোঙত এখন AS-01-BZ-0675 নম্বৰৰ ক্ৰেটা বাহনত তালাচী চলাই ৭০ টা চাবোনৰ বাকচত ৮৫০.৩৯ গ্ৰাম হেৰ’ইনসহ তিনিজন সৰবৰাহকাৰীক আটক কৰে ।

আটকাধীন সৰবৰাহকাৰী কেইটা ক্ৰমে দিলৱাৰা হুছেইন, আলিমুদ্দিন বৰভূঞা, আলটাব হুছেইন বুলি জানিব পৰা গৈছে । সৰহবৰাকাৰী কেইটাই কাৰ্বি আংলং জিলাৰ কেইবাখনো আৰক্ষীৰ নাকা তালাচী অতি কৌশলেৰে পাৰ কৰাৰ পাছত এই গোলাঘাট আৰক্ষীক অৱগত কৰোৱাত গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস আৰু কাৰ্বি আংলং আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি(3 drugs peddlers arrested along with drugs) ।

বৰ্তমান আৰক্ষীয়ে আটকাধীন তিনি সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Assam Youth Goes Missing, Suspected To Have Joined ULFA-I : ভগ্নীলৈ ফোন কৰি কান্দি কান্দি কি ক’লে উজ্জলে