Elephant menace in lanka : লংকাৰ কাকীত বন্যহস্তীৰ সন্ত্ৰাস;হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ

নিউজ ডেস্ক,২জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে ।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।
দেওবাৰে পুৱা প্ৰায় ৪-০০ বজাত এটা বনৰীয়া হাতীয়ে কাকী তিনি নং বিহাৰীবস্তিত সন্ত্ৰাস চলাই ৫ঘৰ লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে। ইয়াৰোপৰি বনৰীয়া হাতীটোৰ আক্ৰমণত নন্দ কিশোৰ ৰবিদাস নামৰ লোকজনৰ হাত এখন ভাঙি যায়(Elephant menace in lanka) ।
আনহাতে হাতীটোৰ সন্ত্ৰাসত ৰবীন্দ্ৰ চৌহান, কেশৱ চৌহান, সুন্দৰ ৰবিদাস আৰু হৰিপ্ৰসাদ চৌহান নামৰ লোককেইজন কথমপি ৰক্ষা পৰে বুলি জানিবলৈ দিয়ে। অভিযোগ অনুসৰি বনবিভাগক খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত বিভাগীয় লোক উপস্থিত নোহোৱা ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে।
লগতে পঢ়ক : Arunachal Pradesh Assembly Elections 2024 Results : অৰুণাচল প্ৰদেশত একক সংখ্যাগৰিষ্ঠাৰে ক্ষমতালৈ আহিল বিজেপি