Narcotics worth rs 9.5 crore seized in cachar : কাছাৰত ৬ জন ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দ ৯.৫ কোটি টকাৰ হেৰ’ইন

নিউজ ডেস্ক,২জুন : পুনৰ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা ।
এক গোপন তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে ধলাই থানাৰ অন্তৰ্গত ৰাম প্ৰসাদপুৰ আৰু লক্ষীপুৰ এলেকাৰ বাচকান্দিত দুটাকৈ পৃথক স্থানত অভিযান চলাই ।
অভিযানত আৰক্ষীয়ে ৬ জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। লগতে আটকাধীন লোককেইজনৰ পৰা তেওঁলোকৰ পৰা হেৰ’ইনভৰ্তি ১৫০ টা চাবোনৰ বাকচ জব্দ কৰে। আনহাতে বাকচ কেইটাৰ পৰা প্ৰায় ১.৯ কিলোগ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰে।জব্দকৃত হেৰ’ইনৰ মূল্য প্ৰায় ৯.৫ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। হেৰ’ইনখিনি মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ পৰা সৰবৰাহ কৰা হৈছিল ।
নিষিদ্ধ হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুয়োটা স্থানৰ পৰা ৬ জন লোকক আটক কৰে। ধৃত ব্যক্তি কেইজন – লক্ষীপুৰ ফুলৰতলৰ বিন্টু সিংহ আৰু ডেনিয়েল লালৰিঘেট (২৬ )। একেদৰে ধলাই লান্টুগ্ৰামৰ ৰাজেন সিংহ ( ৪১), মণিপুৰ জিৰিবামৰ একবৰ হুছেইন (২৩ ) আৰু বৰজোহনা মাৰ(২৭)(Narcotics worth rs 95 crore seized in cachar)।
ইয়াৰোপৰি মণিপুৰ ফেৰজাল জিলাৰ ৰবাৰ্ট লালমাল ছানা (২৪)ক আৰক্ষীয়ে আটক কৰে। ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এখন স্কুটী আৰু এখন মাৰুতি জিমনি গাড়ীও জব্দ কৰিছে আৰক্ষীয়ে। বৰ্তমান ধৃত লোক কেইজনক ধলাই আৰু লক্ষীপুৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
লগতে পঢ়ক : SKM Wins Sikkim Again : ছিকিমত চৰকাৰ গঠনৰ দিশে ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM)