Guwahati murder case accused Amit Bhowmick Arrested : অৱশেষত গ্ৰেপ্তাৰ হ’ল বেলতলা চাৰ্ভেৰ ছুৰীকাঘাত কাণ্ডৰ অভিযুক্ত অমিত ভৌমিক

নিউজ ডেস্ক,২জুন : অৱশেষত গ্ৰেপ্তাৰ হ’ল বেলতলা চাৰ্ভেৰ ছুৰীকাঘাত কাণ্ডৰ অভিযুক্ত অমিত ভৌমিক। পশ্চিম বংগৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰেমিক অমিত ভৌমিকক ।
পশ্চিম বংগত গৈ আত্মগোপন কৰি আছিল অমিত ভৌমিকে। শনিবাৰে সন্ধিয়া দিছপুৰ আৰক্ষীৰ এটা দল অতি গোপনে ৰাওনা হৈছিল পশ্চিম বংগলৈ আৰু পশ্চিম বংগ আৰক্ষীৰ সহযোগত পশ্চিম বংগৰ পৰা গ্ৰেপ্তাৰ কৰে অমিত ভৌমিকক। বৰ্তমান দিছপুৰ আৰক্ষীয়ে অভিযুক্ত অমিত ভৌমিকক জেৰা অব্যাহত ৰাখিছে(Guwahati Beltola Survey attempt to murder case accused Amit Bhowmick Arrested)।
উল্লেখযোগ্য যে, যোৱা ৩০ মে’ৰ নিশা গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল এক গাৰ নোম শিয়ৰি উঠা ঘটনা। বেলতলাৰ ছাৰ্ভেত এগৰাকী যুৱতীক হানি-খুচি হত্যাৰ চেষ্টা কৰা হৈছিল। চোকা অস্ত্ৰৰে এগৰাকী যুৱতীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল অমিত ভৌমিকৰ বিৰুদ্ধে। জানিব পৰা মতে,প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে যুৱতী গৰাকীক আক্ৰমণ কৰিছিল যুৱতীগৰাকীক ।
প্ৰেমৰ প্ৰস্তাৱ আৰু একেলগে নিশা কটোৱাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলায় অমিত ভৌমিকে। যুৱতীগৰাকীৰ ভগ্নীকো ভাবুকি প্ৰদান কৰিছিল অমিত ভৌমিকে। এই অভিযোগ কৰিছে যুৱতীগৰাকীৰ মাতৃয়ে।বেলতলা ছাৰ্ভেৰ আস্থা এপাৰ্টমেণ্টত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো।
ভুক্তভোগী যুৱতীগৰাকী মহানগৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত। একে প্ৰতিষ্ঠানৰে সহকৰ্মী অমিত ভৌমিকে বিভিন্ন সময়ত প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যুৱতীগৰাকীক। কিন্তু যুৱতীগৰাকীয়ে অমিতৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল। যাৰ বাবে বিভিন্ন সময়ত অমিতে যুৱতীগৰাকীৰ লগতে যুৱতীগৰাকীৰ মাতৃ আৰু ভগ্নীকো ভাবুকি প্ৰদান কৰিছিল বুলি জানিবলৈ দিয়ে( Man Knifes Woman In Beltola For Spurning Advances)।
এই সমগ্ৰ ঘটনাক লৈ যুৱতীগৰাকীয়ে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। যাৰ ফলত আস্থা এপাৰ্টমেণ্টত থকা নিজৰ ফ্লেটতে যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ অমিতৰ বিৰুদ্ধে। এপাৰ্টমেণ্টটোৰ ছিৰিত যুৱতীগৰাকীক আক্ৰমণ কৰে অমিত ভৌমিকে।
যুৱতীগৰাকীৰ মাতৃয়ে কোৱা অনুসৰি, পূৰ্বে অফিচৰ ষ্টাফ হিচাপে যুৱতীগৰাকীৰ ঘৰলৈ আহিছিল অমিত। সেয়ে আস্থা এপাৰ্টমেণ্টৰ যুৱতীগৰাকীৰ ফ্লেটটো চিনি পায় অমিতে। যুৱতীগৰাকীয়ে এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীক অমিতৰ ফটো দেখুৱাই কৈছিল যে এই মানুহজনক সোমাবলৈ নিদিব। যদিও পূৰ্বে অমিত যুৱতীগৰাকীৰ ফ্লেটলৈ গৈছিল, কিন্তু অমিতৰ চাল-চলন দেখি পৰিয়ালে তেওঁৰ যোগাযোগ বন্ধ কৰিছিল।
মাতৃৰ মতে, বৃহস্পতিবাৰে সন্ধিয়া ফ্লেটত অকলে আছিল যুৱতীগৰাকী। মাতৃ গৈছিল গোৱালপাৰালৈ। সেয়ে মাতৃয়ে যুৱতীগৰাকীৰ এজন বন্ধুক তাইৰ সৈতে থাকিবলৈ কৈছিল। যুৱতীগৰাকীক আক্ৰমণ কৰাৰ সময়ত সেই যুৱকজনো আঘাতপ্ৰাপ্ত হয়। মাতৃয়ে কোৱা অনুসৰি, দিল্লীত পঢ়ি থকা যুৱতীগৰাকীৰ ভগ্নীকো ভাবুকি দিছিল অমিতে। বহুদিন ধৰি যুৱকজনে কৰ্মস্থলীত হাৰাশাস্তি কৰি আহিছিল বুলি উল্লেখ কৰে মাতৃয়ে। যাৰ বাবে যুৱতীগৰাকীক চাকৰি বাদ দিবলৈও কৈছিল মাতৃয়ে।
লগতে পঢ়ক : Massive fire breaks out at Duliajan : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান