Local, Vocal, Global

Sensational Murder In Dhakuakhana : ডিঙি কাটি টুকুৰা টুকুৰ কৰি জ্বলাই দিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰক

নিউজ ডেস্ক,২জুন : ৰাজ্যত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড । এইবাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী ঠিকাদাৰক বৰ্বৰভাৱে হত্যা কৰি ডিঙিৰৃ কাটি লৈ যায় আৰু গা অংশ জ্বলাই দিয়ে ।
ঢকুৱাখনাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।

ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত লাওকোঠ নাহৰণী পথাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় । নাহৰণী পথাৰত অৱস্থিত এডৰা পৰিত্যক্ত চুমণীত সাপতিয়া চেতিয়া গাঁওৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ ঠিকাদাৰ, ঢকুৱাখনা মণ্ডল বিজেপিৰ কৃষাণ মৰ্চাৰ সাধাৰণ সম্পাদক সুনীল গগৈ ওৰফে (গুটিল)ক নিৰ্মমভাৱে হত্যা কৰে।

জানিব পৰা মতে, নিজা বাসগৃহৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত সুনীল গগৈক প্ৰথমে হত্যা কৰে আৰু তাৰ পাছত পথাৰতে মজুত ৰখা বাঁহেৰে জ্বলাই দিয়ে। সম্পূৰ্ণ বিবস্ত্ৰ কৰি অৰ্ধদগ্ধ হোৱাৰ পাছত গগৈৰ মূৰ কাটি লৈ যায় ঘাটকে। ঘটনাস্থলীত সুনীল গগৈৰ পৰিহিত স্পৰ্টিং ,এখন চোকা দা, এজোৰ পৰিহিত চেণ্ডেল,এডাল বাঁহৰ লাঠি উদ্ধাৰ হয়(Sensational Murder In Dhakuakhana)।

উল্লেখযোগ্য যে শনিবাৰৰ নিশা প্ৰায় ৮বজাত নিজা ঘৰৰ পৰা ভেকুলী বিচাৰি ওলাই আহিছিল গগৈ। ভেকুলীৰ সন্ধানত নিজা চুমণীৰ ফালে অহাৰ পাছতে এই দানৱীয় ঘটনা সংঘটিত হয়। আশংকা কৰা মতে গগৈক ঘাটকে হত্যা কৰি মূৰটো কাটি নিয়াৰ লগতে চুমনীত জেওৰা ভেটিবলৈ মজুত ৰখা বাঁহেৰে মৃতদেহ জ্বলাই দিয়ে। প্ৰবল বৰষুণৰ মাজতো ৰাসায়নিক পদাৰ্থ ঢালি মৃতদেহ জ্বলাই দিয়া বুলি আশঙ্কা কৰিছে অঞ্চলবাসীয়ে। পৰৱৰ্তী সময়ত আত্মীয়ই নিশা বিচাৰি আহি এনে মৰ্মান্তিক ঘটনা প্ৰত্যক্ষ কৰে।

উল্লেখনীয় যে ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ দুৰ্নীতি গ্ৰস্ত কাৰ্যবাহী অভিযন্তা জয়ন্ত কুমাৰ গোস্বামীৰ গ্ৰেপ্তাৰ কৰা কাণ্ডৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল সুনীল গগৈ। এইগৰাকী নীতিনিষ্ঠ ঠিকাদাৰৰ অভিযোগৰ ভিত্তিতে কমিচনভোগী কাৰ্যবাহী অভিযন্তা গোস্বামীক এন্টিকৰাপচন বিভাগে গ্ৰেপ্তাৰ কৰি লাখে লাখে টকা উদ্ধাৰ কৰিছিল গোস্বামীৰ বাসগৃহৰ পৰা।

ইপিনে ঘটনাৰ সন্দৰ্ভত অৱগত হৈ ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈ, মহকুমা আৰক্ষী বিষয়া সৌধন্য শুক্লবৈদ্য দেওবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে অৰ্ধ দগ্ধ অৱশিষ্ট মাংস পিণ্ডৰ অংশ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আত্মীয়ৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক : Tragic Accident in Charaideo : বাইক আৰু বলেৰ’ পিক আপৰ মাজত মুখামুখী সংঘৰ্ষ;নিহত তিনি ছাত্ৰ