One Deid in wild elephant Attack : বন্যহস্তী আক্ৰমণত নিহত এজন কিশোৰ

নিউজ ডেস্ক,১জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে ।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।
ইয়াৰ মাজতে কন্দলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।কন্দলীত বন্যহস্তী আক্ৰমণত নিহত এজন কিশোৰ। নিহত কিশোৰজন মৰিগাঁও মাজগাঁৱৰ ৰবি দেউৰী৷ কিশোৰজন নগাঁৱৰ ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ ৱাটাৰ ফ্লাই অনাথ আশ্ৰমৰ বুলি জানিব পৰা হৈছে ৷নিহত কিশোৰজন বন্ধু এজনৰ লগত সন্ধানহীন হৈ আছিল(One Deid in wild elephant Attack ) ৷
জানিব পৰা মতে, দুই বন্ধু নিশা আশ্ৰমৰ পৰা পলায়ন কৰিছিল বুলি আশ্ৰম কৰ্তৃপক্ষই সদৰী কৰে৷ স্থানীয় লোকে ৰবিৰ বন্ধু বিকি নাংগবংশী মুণ্ডাক উদ্ধাৰ কৰি আৰক্ষীক চমজায় দিয়ে৷
বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ৷