Lamding Silchar train service Suspended Indefinitely : অনিদিষ্টকাললৈ ৰে’ল চলাচল বন্ধ লামডিং-শিলচৰত

নিউজ ডেস্ক,১জুন : অনিদিষ্টকাললৈ ৰে’ল চলাচল বন্ধ লামডিং-শিলচৰ পাহাৰ লাইন ।বিগত দুদিন ধৰি হোৱা ধাৰাসাৰ ধুমুহা-বৰষুণৰ বাবে বাতিল কৰা হৈছে লামডিঙৰ পৰা আগৰতলা অভিমুখী বহু কেইখন ট্ৰেইন ।
জানিব পৰা মতে, বাতিল কৰা হৈছে 13175 শিয়াল দাহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ, 15625 দেউঘৰ আগৰতলা এক্সপ্ৰেছৰ লগতে বহু কেইখন ট্ৰেইন । প্ৰবল ধুমুহা-বৰষুণৰ ফলত উত্তৰ পূব সীমান্তত সৃষ্টি হোৱা ভূমিস্খলনৰ বাৰে ৰেল কৰ্তৃপক্ষই শনিবাৰে বহু কেইখন যাত্ৰীবাহী ৰে’ল বাতিল কৰে(Lamding Silchar train service Suspended Indefinitely)।
এই ঘটনা পিছতেই লামডিং ষ্টেচনত শিলচৰ অভিমুখী বহু কেইখন ৰে’লৰ যাত্ৰী আবদ্ধ হৈ পৰাৰ লগতে ৰে’লযাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।