Local, Vocal, Global

Dead body recovered in Nalbari : চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ এহাল যুৱক যুৱতীৰ মৃতদেহ

নলবাৰী,১জুন : ৰহস্যজনক অৱস্থাত উদ্ধাৰ এহাল যুৱক যুৱতীৰ মৃতদেহ ।

নলবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। নলবাৰীৰ বৰক্ষেত্ৰী বানেকুছিৰ নদীৰ পাৰত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় যুৱক যুৱতীৰ মৃতদেহ !

এই ভয়ংকৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুপ্ৰিয় দাস ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

আৰক্ষীৰ তদন্তৰ অন্তত চিনাক্ত হয় যুৱক যুৱতীহালৰ পৰিচয় (Dead body recovered in Nalbari)।

মৃতদেহ উদ্ধাৰ যুৱক যুৱতীহাল সৰ্বেশ্বৰ বৰ্মন(১৯) আৰু ধনদা বৰ্মন(১৬)। ঘৰ বাগছা জিলাৰ দলবাৰীৰত বুলি চিনাক্ত কৰা হৈছে ৷ জানিব পৰা মতে, এইবাৰ যুৱতী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷

প্ৰেমজনিত কাৰণত যুৱক যুৱতীহালে আত্মহত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।

লগতে পঢ়ক : Heroin seized from Umkiyāng : উমকিয়াঙত‌ জব্দ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী