Local, Vocal, Global

Poisonous Mushrooms Reaction in Golaghat : কাঠফুলা খাই অসুস্থ দুটাকৈ পৰিয়ালৰ লোক

নিউজ ডেস্ক,১জুন : কাঠফুলা খাই অসুস্থ কেইবাগৰাকীকৈ লোক(Mushroom poisoning)। বাৰীৰ পিছফালৰ পথাৰৰ পৰা কাঠফুলা তুলি আনি খাই অসুস্থ দুটাকৈ পৰিয়ালৰ লোক ।

গোলাঘাটত সংঘটিত হৈছে এই ঘটনাটো(Poisonous Mushrooms Reaction in Golaghat) ।

জানিব পৰা মতে, বাৰীৰ পিছফালৰ পৰা আৰু পথাৰৰ পৰা কাঠফুলা তুলি নিশাৰ আহাৰৰ সৈতে সেই কাঠফুলা ৰান্ধি খাইছিল ।তাৰ পিছৰে পৰা গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ দুটাকৈ পৰিয়াল অসুস্থ হয় । কাঠফুলা খোৱাৰ পিচত পৰিয়াল দুটাৰ সদস্যসকলৰ মূৰৰ বিষ, জ্বৰৰ দৰে সমস্যাই দেখা দিয়ে ।

দুটা পৰিয়ালৰ মহিলাসহ ৮ গৰাকী সদস্যক ভৰ্তি কৰোৱা হয় গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত । অসুস্থ লোকসকলক নিশা সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । আনহাতে গুৰুতৰভাৱে অসুস্থ এজনক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয় ।তেওঁলোকৰ স্বাস্থ্য অৱনতি হোৱাৰ লগে লগে পৰিয়ালৰ লোকসকলে নিশাই সৰুপথাৰ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক : Sensational Incident : মমতাময়ীৰ পাশৱিকতা ! নৱজাতকক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ মাতৃৰ বিৰুদ্ধে