Minor girl raped by Teacher :টেট শিক্ষকৰ কামনাৰ বলি ৯ বছৰীয়া ছাত্ৰী

নিউজ ডেস্ক,১জুন : দেশত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ । নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে অপৰাধজনিত ঘটনাই।
কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা।
বিকৃত যৌন মানসিকতাৰ চিকাৰ হৈছে শিশু ।গাৰ নোম শিয়ৰি উঠা আন এক ঘটনা(Minor girl raped by Teacher) ।
কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত ৰংকুটত সংঘটিত হৈছে এক জঘন্য কাণ্ড ।
ৰংকুটত টেট শিক্ষকৰ কামনাৰ বলি ৯ বছৰীয়া ছাত্ৰী । গৌতম নাথ নামৰ এজন টেট শিক্ষকৰ কামনাৰ বলি হয় ৯ বছৰীয়া ছাত্ৰী গৰাকী।
জানিব পৰা মতে এই জঘন্য ঘটনাটো যদিও ৫দিনৰ আগতেই সংঘটিত হৈছিল যদিও শুকুৰবাৰেহে পোহৰলৈ ।
এই জঘন্য ঘটনাটো পোহৰলৈ অহাৰ পিছতে ধৰ্ষণ তথা কামনাৰ বলি হোৱা ৯ বছৰীয়া ছাত্ৰী গৰাকীৰ মোমায়েকে আৰক্ষীক অৱগত কৰি অপৰাধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সংবাদ মাধ্যমৰ কাষ চপাত ঘটনাটো পোহৰলৈ আহে।
জানিব পৰা মতে ৰংকুটৰ গৌতম নাথ নামৰ টেট শিক্ষকগৰাকী বিবাহ পাশত আবদ্ধ হোৱাটো মাত্ৰ ২-৩মাহ মানহে হৈছে। নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতো একে ঠাইৰে এগৰাকী ৯ বছৰীয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ দৰে জঘন্য কাণ্ড কৰাটো পোহৰলৈ অহাৰ পিছত ৰংকুট তথা হাওৰাঘাটবাসী সভ্য সমাজে সহজে মানি লব পৰা নাই।
শিশু ধৰ্ষণকাৰী অপৰাধী টেট শিক্ষক গৌতম নাথ পলাতক হৈ থকাত আৰক্ষীয়ে তেওঁৰ পিতৃ আৰু ভাতৃক জোৰা অব্যাহত ৰাখিছে । ধৰ্ষণ তথা কামনাৰ বলি হোৱা ৯ বছৰীয়া ছাত্ৰীগৰাকীৰ মোমায়েক আৰু ৰংকুটৰ সচেতন ৰাইজে অপৰাধীক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে ।
লগতে পঢ়ক : Supected Murder in Dhemaji : পত্নীৰ ৰহস্যজনক মৃত্যু; স্বামী পলাতক