Local, Vocal, Global

Flood in Kampur : বিগত কেইদিন ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণ;কপিলীয়ে চিঙিলে পতিয়াপামৰ মথাউৰি

নিউজ ডেস্ক,৩০মে’ : বিগত কেইদিন ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত বানে ভয়ংকৰ ৰূপ লৈছে । সাগৰীয় ঘূৰ্ণি ৰেমালৰ প্ৰভাৱত কপিলী নৈৰ জলস্তৰ বৃদ্ধি হৈ সংহাৰী ৰূপ ধাৰণ কৰিছে।বুধবাৰে নিশা কপিলী নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ সমান্তৰালকৈ নৈৰ কোৱাল সোঁতে ভাঙিলে পতিয়াপামৰ মথাউৰি(Flood in Kampur)।

ফলত কেইবাখনো গাঁৱত সোমাইছে কপিলীৰ পানী। জলমগ্ন হৈছে এখনৰ পিছত এখনকৈ নৈপৰীয়া গাঁৱৰ লগতে কৃষি পথাৰ। বাৰিষাৰ আৰম্ভণিতে অহা এনে বানৰ ফলত কামপুৰ-যমুনামুখ বকুলগুৰি পথৰৰ ওপৰেদি বাগৰিছে পানী।

বানৰ পৰা ৰক্ষা পাবলৈ ঘৰ এৰি নিৰাপদ স্থানলৈ ৰাওনা হৈছে বানপীড়িত লোকসকল। জানিব পৰা মতে এই পৰ্যন্ত কামপুৰ ৰাজহচক্ৰৰ মুঠ ২০ খন গাওঁ এই বানৰ কৱলত পৰিছে।

লগতে পঢ়ক : Gold Chain Snatched By Miscreants In Adabari locality : বাহন আগচি দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ সোণৰ চেইন