Local, Vocal, Global

Gold Chain Snatched By Miscreants In Adabari locality : বাহন আগচি দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ সোণৰ চেইন

নিউজ ডেস্ক,৩০মে’ : মহানগৰীৰ আদাবাৰীত চাঞ্চল্যকৰ ঘটনা৷ বুধবাৰে নিশা মহানগৰীৰ আদাবাৰীত চেইন চুৰিৰ ঘটনা।চাৰিচকীয়া বাহন আগচি মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে চেইন৷

বাইকত হেলমেট পিন্ধি অহা দুৰ্বৃত্তই সংঘটিত কৰিলে এই ঘটনা(Gold Chain Snatched By Miscreants In Adabari locality)।

জানিব পৰা মতে, চাৰি চকীয়া বাহনখনত আছিল নজৰুল ইছলাম আৰু পত্নী নেইনা বেগম। দুয়ো স্বামী স্ত্ৰী গৌৰীপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল।

সেই সময়তে দুৰ্বত্তই প্ৰথমে বাহনখনেৰে আগচি ধৰে নজৰুল ইছলাম আৰু পত্নী নেইনা বেগমক। পৰৱৰ্তী সময়ত আন দুখন বাইক আহি উপস্থিত হয় ঘটনাস্থলীত।

তাৰ পাছতে মহিলাগৰাকীক অশ্লীল গালি-গালাজো কৰে দুৰ্বৃত্তই। ঘটনা সংঘটিত কৰি সুযোগ বুজি পলায়ন কৰে দুৰ্বৃত্ত।

ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে।

লগতে পঢ়ক : Schools closed due to severe flood in Nagaon : বানৰ বাবে নগাঁৱত ৩৯খন বিদ্যালয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ