Local, Vocal, Global

Drugs seized from Sonitpur : শোণিতপুৰ জিলাৰ গুদামঘাটত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

নিউজ ডেস্ক,২৯মে’ : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs seized from Sonitpur)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ একাংশ সৰবৰাহকাৰীয়ে এতিয়াও আৰক্ষীৰ চকুত ধূলি ছটিয়াই ড্ৰাগছৰ অবাধ বেহা চলাই আছে ৷

চাৰিদুৱাৰ আৰক্ষীয়ে মঙলবাৰে নিশা শোণিতপুৰ জিলাৰ গুদামঘাটত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত গুদামঘাটৰ এখন ঘৰৰ পৰা আৰক্ষীয়ে ৪৮ টা কৈ ড্ৰাগছ ভৰ্টি কন্টেইনাৰ জব্দ কৰে ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰে । আটকাধীন লোক দুজন বিপুল ইছলাম আৰু বাপন কলিতা বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি, জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৫০০০০ হাজাৰ টকা ৷ লগতে আৰক্ষীয়ে অভিযান কালত চাৰিদুৱাৰ আৰক্ষীয়ে দুটা ম’বাইল ফোন আৰু ১৭০০০ হাজাৰ নগদ টকাও জব্দ কৰে ।

লগতে পঢ়ক : Cattle Smuggling : বিলাসী বাহনত চোৰাং গৰু উদ্ধাৰ