Local, Vocal, Global

Two killed, several injured after bus overturns due to overspeeding : নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ বাগৰিল পথত,নিহত দুজন যাত্ৰী,আহত কেইবাজনো

নেশ্যনেল ডেস্ক,২৯মে’: এক শোকাৱহ দুৰ্ঘটনা । যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই পৰিল ওলটি ।ফলত নিহত দুজন,আহত কেইবাজনো ।

ওড়িশাৰ কন্ধমাল জিলাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো । মঙলবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো ।

আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, ৰায়াগাদা জিলাৰ মুনিগুড়াৰ পৰা কান্ধমাল জিলাৰ ফুলবানিলৈ গৈ আছিল যাত্ৰীবাহী এখন বাছ ৷সেই সময়তে বাছখনে এটা টাৰ্নিংঙত ঘূৰিবলৈ লওতেই তীব্ৰগতিত আহি থকাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই ফিৰিঙিয়াৰ ওচৰত দুৰ্ঘটনাত পতিত হয় ৷ এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোক আৰু আৰক্ষী প্ৰশাসন ঘটনাস্থলীত উপস্থিত হয় আৰু ততাতৈয়াকৈ আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Two Killed, Several Injured After Bus Overturns Due to Overspeeding) ৷

জানিব পৰা মতে, এই ভয়ংকৰ দুৰ্ঘটনাত দুজন লোক নিহত হয় । নিহত লোক দুজন টিকট কণ্ডাক্টৰ বিজয়া পাটনায়ক আৰু অৰ্জুন কানহাৰ বুলি চিনাক্ত কৰা হৈছে ৷ মৃত অৰ্জুনৰ বয়স 17 বছৰ বুলি জানিবলৈ পৰা গৈছে ৷

ইফালে ফুলবানীৰ এছ ডি এম চিত্তৰঞ্জন মহন্তই চিকিৎসালয়ত উপস্থিত হৈ ঘটনা প্ৰত্যক্ষ কৰি কয় যে, ” এই দুৰ্ঘটনাত ২ জন লোকৰ মৃত্যু হয় আৰু আন নজন লোক আহত হয় ৷ সম্প্ৰতি আহত কেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।দুৰ্ঘটনাগ্ৰস্ত বাছখনত প্ৰায় ৫০ গৰাকী যাত্ৰী আছিল । অত্যধিক দ্ৰুতগতিত আহি থকাৰ বাবে বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱায় ৷ বাছখন পিঞ্জিৰিয়াৰ এটা টাৰ্ণিংত ওলটি পৰে(Two killed, several injured after bus overturns due to overspeeding) ৷

লগতে পঢ়ক : Dhemaji Theft Incident : ধেমাজি নগৰৰ মাজমজিয়া দিন দুপৰতে ডকাইতিৰ ঘটনা