Cyclone Remal : ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ মায়ঙতো অব্যাহত আছে ঘূৰ্ণী বতাহৰ তাণ্ডৱ

নিউজ ডেস্ক,২৮মে’ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ!ৰাজ্যৰ ভিন্ন প্ৰান্ততো ৰেমলৰ প্ৰভাৱ৷ সোমবাৰে নিশাৰে পৰা অহা প্ৰবল বৃষ্টি আৰু বতাহৰ বাবে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় ৷ধুমুহাত বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ(Cyclone Remal) ৷
এই ঘূৰ্ণিবতাহৰ প্ৰভাৱৰ পৰা ৰক্ষা পোৱা নাই মৰিগাঁৱটো । ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে মৰিগাঁও জিলাৰ মায়ঙতো ঘূৰ্ণী বতাহৰ তাণ্ডৱ অব্যাহত আছে। সোমবাৰে নিশাৰ পৰা আৰম্ভ হোৱা ঘূৰ্ণী বতাহৰ প্ৰকোপ বৰ্তমান লৈ অব্যাহত আছে। জানিব পৰা মতে বিভিন্ন ঠাইত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিছে।
মায়ঙৰ কুৰানীবৰী অঞ্চলৰ বৈদ্যুতিক খুঁটা উভালি পৰিছে। এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি বিধ্বস্ত ক্ষতি সাধন কৰিছে। কথমপি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ।ব্যস্ত পথত যানবাহন চলাচল বন্ধ হৈ পৰিছে। একপ্ৰকাৰ গৃহ বন্দী হৈ আছে জনজীৱন।ইতিমধ্য মৰিগাঁও জিলা প্ৰশাসনে বিদ্যালয়সমূহত বন্ধ ঘোষণা কৰিছে। বহু ঠাইত গছ-গছনি আৰু ঘৰ-দুৱাৰ ভাঙিছে।
লগতে পঢ়ক : Woman goes missing : চতিয়াৰ বিদাংশ্ৰীত বোৱাৰী নিৰুদ্দেশ;দুদিন ধৰি সন্ধানহীন চতিয়াৰ ৰীতা বসুমতাৰী