Local, Vocal, Global

Cyclone Remal : নগাঁও আৰু মৰিগাঁও জিলাত সকলো চৰকাৰী তথা ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে

নিউজ ডেস্ক,২৮মে’ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ!প্ৰতিকূল বতৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও আৰু মৰিগাঁও জিলাত সকলো চৰকাৰী তথা ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। দুয়োখন জিলাৰ আয়ুক্তই এক নিৰ্দেশনা যোগে শিক্ষানুষ্ঠানসমূহ বন্ধৰ বিষয়ে ঘোষণা কৰিছে(Educational Institutions to remain closed today in Nagaon and Morigaon districts due to Cyclone Remal)।

ইফালে প্ৰতিকুল বতৰৰ বাবে গুৱাহাটীৰো বহু কেইখন বিদ্যালয় বন্ধ ঘোষণা কৰিছে বিদ্য়ালয় কৰ্তৃপক্ষই। মহানগৰীৰ অসম জাতীয় বিদ্যালয়, ডনবস্কত পাঠদান বাতিল কৰাৰ লগতে হলী চাইল্ড স্কুল আৰু আনন্দ একেডেমীৰো পাঠদান বাতিল কৰা হৈছে। কটন কলেজিয়েট হাইস্কুলো বন্ধ ঘোষণা কৰিছে। আনহাতে, অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামতো আজি সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে(Cyclone Remal)।

লগতে পঢ়ক : Cyclone ‘Remal’ Claims Student’s death : প্ৰকাণ্ড গছ বাগৰি ছাত্ৰৰ কৰুণ মৃত্যু